NORTHEAST NOW (Assamese)

কোনে মাৰিব শেষ হাঁহি? কৰ্ণাটক বিধান সভাৰ প্ৰাক নিৰ্বাচনী সমীক্ষা

April 28, 2023 3:51 pm · এন ই নাও নিউজ, গুৱাহাটী

সমাগত দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচন। অহা ১০ মেত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। তাৰপিছতেই ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল। এই নিৰ্বাচনৰ ফলাফলক লৈ এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক নেতা আৰু দলসমূহৰ মাজত এক উত্তজনাই বিৰাজ কৰিছে। তাৰ মাজতে কেইবাটাও সংবাদ মাধ্যম আৰু কেইবাজনো ৰাজনৈতিক বিশ্লেষকে আগবঢ়াইছে নিৰ্বাচনী ফলাফলৰ সমীক্ষা।

লগতে পঢ়কঃ আমেৰিকাক একাষৰীয়া! চীনৰ সৈতে বন্ধুত্ব গঢ়িছে চৌদি আৰৱে

কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ ফলাফল সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিয়ে দাবী কৰিছে এই নিৰ্বাচনত বিপুল ভোটত বিজেপিয়ে জয় লাভ কৰিব। নিজৰ বিজয় সাব্যস্ত কৰিবলৈ ইতিমধ্যে দলটোৰ ৪০ জন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অহৰহ নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

 টিভি৯ আৰু চি-ভোটাৰৰ সমীক্ষা মতে ৰাজ্যখনত ২২৪ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ১০৬১১৬খন আৰু বিজেপিয়ে ৭৯ৰ পৰা ৮৯খন আসন লাভ কৰিব । সমীক্ষাটোৰ মতে ২৪-৩৪টা সমষ্টিত জেডি(এছ) বিজয়ী হৈ ওলাই অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ সম্ভৱ হ’ব অতীত আৰু ভৱিষ্যত যাত্ৰা! কোৱান্টাম গৱেষণাৰ বাবে ৬,০০৩ কোটি আবন্টন কেন্দ্ৰৰ

পাব্লিক টিভিৰ মুড অৱ কৰ্ণাটকমতেও  ৯৮-১০৮খন আসন লাভ কৰিব কংগ্ৰেছে। এই সমীক্ষা অনুসৰি ৰাজ্যখনত বিজেপিয়ে ৮৫-৯৫খন আসন লাভ কৰাৰ বিপৰীতে জেডি(এছ) ২৮৩৩ খন আসন লাভ কৰিব।

এছিয়ানেট সূৰৱৰ্ণ নিউজৰ জন কি বাতৰ সমীক্ষাৰ মতে কংগ্ৰেছে ৮৯-৯৭খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৯৮-১০৯খন আসন কৰিব।

লগতে পঢ়কঃ গাধই টানিলে ১৮ লাখ টকীয়া বিলাসী গাড়ী; উভতিল শ্ব’ৰুমলৈ, কিন্তু কিয় জানেনে?

নিউজফাৰ্ষ্ট-মেট্ৰিজৰ সমীক্ষাই কয় যে বিজেপিয়ে ৯৬১০৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৮৪৯৪খন আৰু জেডি(এছ) এ ২৯৩৪খন আসন লাভ কৰিব।

 আনহাতে ভিস্তাৰা নিউজৰ সমীক্ষাই বিজেপিক ৮৮-৯৩খন, কংগ্ৰেছক ৮৪-৯০খন, আৰু জেডি(এছ)ক ২৩-২৬খন আসন দিছে। এই সমীক্ষা অনুসৰি ২৭৩০ খন আসন আছে, যত ফলাফল অনিশ্চিত।

এতিয়া এইদৰেই দেশৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক বিশ্লেষক সকলে নিজৰ নিজৰ সমীক্ষাৰ মতে কৰ্ণাটক বিধান সভাত নিৰ্বাচনৰ ফলাফল অনুমান কৰিছে। ফলাফলত শেষ হাঁহি কোনে মাৰে সেয়া হ’ব লক্ষ্যনীয়।

লগতে পঢ়কঃ জেলৰ পৰা মুকলি হ’ল প্ৰশাসনিক বিষয়াক হত্যা কৰা বিহাৰৰ প্ৰাক্তন সাংসদ

Related News