বিধানসভা বা লোকসভাত চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে বিৰোধীয়ে। কেতিয়াবা কেতিয়াবা ৱাক আউট কৰে। এই দৃশ্য চাই অভ্যস্ত হৈ পৰিছে সমগ্ৰ দেশ। কিন্তু অধ্যক্ষই ৱাক আউট কৰিছে, কোনোবাদিনা এনেকুৱা ঘটনা কোনোবাই কেতিয়াবা দেখিছেনে?
সোমবাৰে কৰ্ণাটক বিধানসভাত সংঘটিত হয় এনে এক অদ্ভুত ঘটনা। বিৰোধী বিধায়কৰ প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অধ্যক্ষ ইউ টি খাদেৰে ৱাক আউট কৰে।
সদনত কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰে ২০৩টা প্ৰশ্নৰ লিখিত উত্তৰ দিয়াৰ কথা আছিল। কিন্তু তেওঁ ৮৪টা প্ৰশ্নৰ উত্তৰ দিলে। ইয়াৰ পিছতে বিৰোধী বিজেপিৰ বিধায়কসকলে অধ্যক্ষক চাপ দিয়ে। তেওঁলোকে কয়, ‘মন্ত্ৰীসকলে ইচ্ছা কৰিলে উত্তৰ দিব, নহ’লে নিদিব এইটো চলি থাকিব নোৱাৰে।’ অধ্যক্ষই বিজেপিৰ বিধায়কসকলৰ কথাত সন্মতি প্ৰকাশ কৰে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে তেওঁক অধিক সময়ৰ প্ৰয়োজন বুলি দাবী কৰে।
ইয়াৰ পূৰ্বেও কেইবাবাৰো এই সন্দৰ্ভত সকীয়াই দিয়া বুলি অভিযোগ উত্থাপন কৰে অধ্যক্ষগৰাকীয়ে। তেওঁ বাৰে বাৰে কৈ আহিছে যে বিধানসভাত বিৰোধীয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ মৌখিক বা লিখিতভাৱে দিব লাগিব। কিন্তু তাত কোনো লাভ নহ’ল। সোমবাৰেও মন্ত্ৰীসকলে আগতীয়াকৈ সোধা কোনো এটা প্ৰশ্নৰ উত্তৰ নিদিলে।
এই কথাত খং উঠিল অধ্যক্ষ ইউ টি খাদেৰৰ। তেওঁ খঙেৰে ক’লে, ‘আপোনালোকে কিয় প্ৰশ্নবোৰৰ উত্তৰ নিদিয়ে? এনেদৰে কেনেকৈ বিধান সভা চলিব?’ কেৱল সেয়াই নহয়, মন্ত্ৰী-বিধায়কসকলেও বিধানসভাক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে অধ্যক্ষই খঙত ৱাক আউট কৰে।
বিধানসভাত বিৰোধী দলৰ নেতা বিজেপিৰ আৰ অশোকে অধ্যক্ষৰ সমৰ্থনত থিয় দিয়ে। তেওঁ কয়, ‘অধ্যক্ষই আগতেও সকীয়াই দিছে। কিন্তু দায়িত্বহীনভাৱে চলি আছে চৰকাৰ। আমাৰ কোনো প্ৰশ্নৰে উত্তৰ নিদিয়ে।’
উল্লেখ্য যে কৰ্ণাটকত এতিয়া কংগ্ৰেছ চৰকাৰ আছে। খাদেৰ কংগ্ৰেছৰ জ্যেষ্ঠ সদস্যও। মাংগালোৰৰ পৰাই তেওঁ জয়লাভ কৰে। ২০২৩ চনৰ ২৪ মে’ত তেওঁ অধ্যক্ষ পদত অধিষ্ঠিত হয়। দলৰ সৈতে তেওঁৰ সম্পৰ্কও যথেষ্ট ভাল। ইয়াৰ পিছতো ৰাজনৈতিক বিশ্লেষকৰ একাংশ তেওঁৰ ৱাকআউটত আচৰিত হৈ পৰিছে। দেশৰ ইতিহাসৰ কোনো বিধানসভাতে এনে ঘটনা ঘটা তেওঁলোকে মনত পেলাব পৰা নাই।




