• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco-Sensitive Zone বা ESZ) সংকোচনৰ বাবে অসম চৰকাৰে আগবঢ়োৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে ইলোৰা বিজ্ঞান মঞ্চই। এই সিদ্ধান্ত তাৎক্ষণিকভাৱে পুনৰ্বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনাই মঞ্চই এক প্ৰেছ বিবৃতিযোগে নিজৰ স্থিতি স্পষ্ট কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2026 8:56 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco-Sensitive Zone বা ESZ) সংকোচনৰ বাবে অসম চৰকাৰে আগবঢ়োৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে ইলোৰা বিজ্ঞান মঞ্চই। এই সিদ্ধান্ত তাৎক্ষণিকভাৱে পুনৰ্বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনাই মঞ্চই এক প্ৰেছ বিবৃতিযোগে নিজৰ স্থিতি স্পষ্ট কৰে।

 

Apply Now

সংগঠনটোৰ সভাপতি ডাঃ মনোৰঞ্জন শৰ্মা আৰু সাধাৰণ সম্পাদক মনোজ ৰায়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ সংলগ্ন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আৰু কাষৰীয়া ভূ-অঞ্চলসমূহে এক অনন্য আৰু জৈৱিকভাৱে স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰ (Ecosystem) গঢ়ি তুলিছে। বিশেষকৈ বাৰিষাৰ সময়ত কাজিৰঙাৰ বানপানীৰ গতিপ্ৰকৃতি আৰু দক্ষিণৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ পাহাৰৰ সৈতে থকা ভৌগোলিক সংযোগেই উদ্যানখনৰ বন্যপ্ৰাণীৰ মূল জীৱনৰেখা। বানৰ সময়ত গঁড়, হাতী, বনৰীয়া ম’হ আদিকে ধৰি অসংখ্য বন্যপ্ৰাণীয়ে কাৰ্বি আংলঙৰ ওখ ঠাইলৈ আশ্ৰয় বিচাৰি গতি কৰে। চৰকাৰীভাৱে চিহ্নিত ৯টা বন্যপ্ৰাণী কৰিডৰে এই পৰিৱেশগত সংযোগৰ গুৰুত্বৰ সাক্ষ্য বহন কৰে।

 

সৰ্বোচ্চ ন্যায়ালয়েও কাজিৰঙা–কাৰ্বি আংলং অঞ্চলৰ ভৌগোলিক সংবেদনশীলতা স্বীকাৰ কৰি কাৰ্বি আংলঙৰ পাহাৰৰ পৰা কাজিৰঙালৈ বৈ অহা নৈ-নিজৰাৰ জলগ্ৰহণ অঞ্চলত খনন কাৰ্য নিষিদ্ধ কৰাৰ লগতে কৰিডৰসমূহত নিৰ্মাণ কাৰ্য নিয়ন্ত্ৰণ কৰিছে। এনে সময়ত চূড়ান্ত পৰিৱেশ-সংবেদনশীল অঞ্চল নিৰ্ধাৰণ নোহোৱালৈকে বাহাল থকা ১০ কিলোমিটাৰৰ সুৰক্ষা-সীমাৰ ঠাইত স্থানভেদে ১–৩ কিলোমিটাৰলৈ সংকুচিত কৰিব বিচৰা চৰকাৰী প্ৰস্তাৱ বিজ্ঞানসন্মত নহয় বুলি মঞ্চই উল্লেখ কৰে। সৰ্বনিম্ন আইনী মানদণ্ড এক কিলোমিটাৰ হ’লেও কাজিৰঙাৰ দৰে জটিল জৈৱ-বৈচিত্ৰ্যপূৰ্ণ অঞ্চলৰ বাবে সেয়া যথেষ্ট হ’ব নোৱাৰে।

 

ইলোৰা বিজ্ঞান মঞ্চই লগতে স্পষ্ট কৰে যে স্থানীয় বাসিন্দাৰ জীৱিকা আৰু প্ৰয়োজনীয় উন্নয়নমূলক কাম-কাজৰ প্ৰতি তেওঁলোকৰ পূৰ্ণ সমৰ্থন আছে। কিন্তু তাৰ সুযোগ লৈ কাজিৰঙা আৰু ইয়াৰ চৌপাশে প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল, বিলাসী ৰিজৰ্ট আৰু বৃহৎ পৰিসৰৰ বাণিজ্যিক চাহ-পৰ্যটন প্ৰকল্পসমূহৰ বাবে পৰিৱেশৰ ক্ষতি হ’বলৈ দিয়া অনুচিত। সেয়েহে কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে বন্যপ্ৰাণীৰ চলাচল, জলপ্ৰবাহ আৰু বহনক্ষমতাৰ ওপৰত ভিত্তি কৰি এক নিৰপেক্ষ আৰু ব্যাপক বৈজ্ঞানিক অধ্যয়ন সম্পন্ন কৰিবলৈ মঞ্চই চৰকাৰৰ ওচৰত দাবী জনাইছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd