• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটীত আপৰ বিক্ষোভ

কংগ্ৰেছ, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক, এনচিপি, আৰ জে ডিৰ অংশগ্ৰহণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 30, 2024 5:13 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত আজি মহানগৰীৰ চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আপৰ উপৰি ইণ্ডিয়া জোঁটৰ অংশীদাৰ দলসমূহে।

আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত ইণ্ডিয়া জোঁটৰ অংশীদাৰ হিচাপে কংগ্ৰেছ, চিপিআই( এম), এনচিপি, তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক আৰু আৰ জে ডি দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত আপৰ উপৰি ইণ্ডিয়া জোঁটৰ এগৰাকী শীৰ্ষ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হয় ডাঃ ভবেন চৌধুৰী ।

Apply Now

তেওঁ কয়, ” কেন্দ্ৰৰ শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিনা বিচাৰে গ্ৰেপ্তাৰ কৰি ৰাখিছে। হাস্পতালত মুখ্যমন্ত্ৰী কেজৰিৱালৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হৈছে। তেজত শৰ্কৰাৰ পৰিমাণ কমিছে। তেওঁৰ ওজন অস্বাভাৱিক ভাবে হ্ৰাস পাইছে। কিন্তু চৰকাৰে তেওঁক পৰ্যাপ্ত চিকিৎসা সেৱা আগবঢ়োৱা নাই। বিজেপিয়ে কাৰাগাৰত কেজৰিৱালক হত্যাৰ চক্ৰান্ত কৰিছে। ইডি, চিবিআইৰ জৰিয়তে বিৰোধী দলৰ নেতাক নিঃশেষ কৰিব বিচাৰিছে। আজি আমি কেজৰিৱালৰ মুক্তি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ”

উল্লেখ্য যে ইণ্ডিয়া জোঁটৰ অংশীদাৰ দল সমূহে দিল্লীৰ জন্তৰ মন্তৰো আজি কেজৰিৱালৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ চচলত অনুষ্ঠিত প্ৰতিবাদস্থলীত আপৰ বিক্ষোভত যোগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰা বেদব্ৰত বৰাই কয়, “কেজৰিৱালৰ দৰে এগৰাকী উচ্চ শিক্ষিত তথা দুৰ্নীতিমুক্ত নেতাক কোনো প্ৰমাণ অবিহনে গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বহিঃপ্ৰকাশ। আদালতত চিবিআয়ে দাখিল কৰা অভিযোগনামাত কেজৰিৱালক দোষী সাব্যস্ত কৰিব পৰা নাই। আমি অতি শীঘ্ৰে কেজৰিৱালৰ মুক্তি বিচাৰিছোঁ।”

চিপিআই (এম)ৰ নেতা নয়ন ভূঞা আৰু ৰিতুৰঞ্জন দাসেও প্ৰতিবাদত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী কেজৰিৱালৰ গ্ৰেপ্তাৰক গণতন্ত্ৰ বিৰোধী বুলি আখ্যা দিয়ে নয়ন ভূঞাই। বাওঁপন্থী নেতাগৰাকীৰ মতে,” কেজৰিৱাল এটা ৰাষ্ট্ৰীয় দলৰ মুৰব্বী আৰু দিল্লীত অভিলেখ সংখ্যক ভোটেৰে নিৰ্বাচিত এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী। তেওঁৰ গ্ৰেপ্তাৰৰ জৰিয়তে কেন্দ্ৰৰ মোদী চৰকাৰে সংবিধান আৰু গণতন্ত্ৰ হত্যা কৰিব খুজিছে। কেজৰিৱালক কাৰাবন্দী কৰি ৰখাৰ তীব্ৰ বিৰোধিতা কৰোঁ। আমি অবিলম্বে নেতাগৰাকীৰ মুক্তি বিচাৰোঁ। ”

আজি প্ৰতিবাদী কাৰ্যসূচীত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, মুখপাত্ৰ পলাশী দাস, কোষাধ্যক্ষ ঘনকান্ত শইকীয়া, ফৰৱাৰ্ড ব্লকৰ মিহিৰ নন্দী, আৰ জে ডিৰ যুৱ নেতা কামাখ্যা পাণ্ডে, এন চি পিৰ পৰেশ বৰুৱায়ো অংশগ্ৰহণ কৰি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে সৰৱ হয়। প্ৰতিগৰাকী নেতাই ইডি আৰু চিবিআইৰ ভূমিকাৰ কটু সমালোচনা কৰে।

বিক্ষোভ কাৰ্যসূচীৰ আৰম্ভণিতে আপৰ ৱৰ্কিং কমিটীৰ সদস্য অনুৰূপা ডেকাৰজাই ইডি আৰু চিবিআইৰ জৰিয়তে কেজৰিৱালৰ বিৰুদ্ধে মোদী চৰকাৰে কৰা ষড়যন্ত্ৰৰ বিতং ব্যাখ্যা কৰে।

আপৰ যুৱনেতা ৰুদ্ৰাংকুৰ হাজৰিকাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে দলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd