জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱত কেনিয়াৰ এক বিশাল অংশত বৰ্তমান তীব্ৰ খৰাং পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰাষ্ট্ৰসংঘ আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, এই খৰাং পৰিস্থিতিৰ ফলত দেশখনৰ ২০ লাখতকৈ অধিক লোক বৰ্তমান ভোক আৰু দুৰ্ভিক্ষৰ সন্মুখীন হৈছে। বিশেষকৈ কেনিয়াৰ উত্তৰ-পূব অঞ্চলৰ পশুপালক সম্প্ৰদায়সমূহ এই দুৰ্যোগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
চুবুৰীয়া দেশ ছোমালিয়াৰ সীমান্তৱৰ্তী কেনিয়াৰ শুষ্ক অঞ্চলসমূহৰ পৰা অহা পোহনীয়া জন্তুৰ জঁকা সদৃশ ছবিবোৰে সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে। খাদ্য আৰু পানীৰ অভাৱত হাজাৰ হাজাৰ গৰু-মহ আৰু অন্যান্য পশুধনৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাৰ মতে, যোৱা অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈ হোৱা বৰ্ষাকালটো ১৯৮১ চনৰ পিছত আটাইতকৈ শুকান আছিল। পৰ্যাপ্ত বৰষুণৰ অভাৱত ঘাঁহনিবোৰ শুকাই যোৱাৰ ফলত পশুধনৰ বাবে খাদ্যৰ তীব্ৰ নাটনি হৈছে।
কেনিয়াৰ ৰাষ্ট্ৰীয় খৰাং ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, দেশখনৰ ১০ খন জিলাত খৰাং পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ইয়াৰে উত্তৰ-পূবৰ মান্দেৰা (Mandera) জিলাত পৰিস্থিতিবিপজ্জনক পৰ্যায়ত উপনীত হৈছে। পানীৰ সংকটৰ ফলত কেৱল পশুধনৰ মৃত্যুৱেই নহয়, শিশুৰ মাজত পুষ্টিহীনতা আৰু শাৰীৰিক দুৰ্বলতাই এক উদ্বেগজনক ৰূপ লৈছে।
এই সমস্যা কেৱল কেনিয়াতে সীমাবদ্ধ থকা নাই; ছোমালিয়া, তানজানিয়া আৰু উগাণ্ডাৰ এক বিশাল অংশতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে। ছোমালিহাত খাদ্যৰ অভাৱত ৩০ লাখতকৈ অধিক লোকে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে। সাহায্য সংস্থা ‘ইছলামিক ৰিলিফ’ৰ মতে, শিবিৰসমূহত আশ্ৰয় লোৱা ৭০ শতাংশ লোকেই দিনটোত মাত্ৰ এসাঁজ খাই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।
বিশেষজ্ঞসকলৰ মতে, এই দুৰ্যোগৰ মূল কাৰণ হৈছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন। ভাৰত মহাসাগৰৰ পানী ক্ৰমান্বয়ে গৰম হৈ অহাৰ ফলত এফালে সাগৰীয় ধুমুহাৰ প্ৰকোপ বাঢ়িছে আৰু আনফালে খৰাং পৰিস্থিতি অধিক দীৰ্ঘম্যাদী তথা তীব্ৰ হৈ পৰিছে।
আশ্চৰ্যজনক কথাটো হ’ল যে বিশ্বৰ সেউজগৃহ গেছ নিৰ্গমনত আফ্ৰিকা মহাদেশৰ অৱদান মাত্ৰ ৩ ৰ পৰা ৪ শতাংশ, তথাপিও জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ বেছি কুফল আফ্ৰিকাৰ দেশসমূহেহে ভুগিবলগীয়া হৈছে। দৰিদ্ৰতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত আন্তঃগাঁথনি নথকাৰ বাবে আফ্ৰিকাৰ জনসাধাৰণ অধিক অসহায় হৈ পৰিছে।





