• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইজৰাইলৰ জিয়নিষ্ট আৰু আৰএছএছক যমজ ভাতৃ আখ্যা কেৰেলাৰ বামপন্থী মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2025 5:39 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাক টিকট আৰু মুদ্ৰা মুকলি কৰাৰ এদিন পাছতে বৃহস্পতিবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ইজৰাইলৰ জিয়নিষ্টসকলৰ সৈতে আৰএছএছক তুলনা কৰি “যমজ ভাতৃ” বুলি অভিহিত কৰে।

বুধবাৰে কান্নুৰত অনুষ্ঠিত ৰাজহুৱা সভাত বিজয়নে কয় যে ইজৰাইলৰ জিয়নিষ্ট আৰু ভাৰতৰ আৰএছএছ যমজ ভাতৃ।

Apply Now

ইয়াৰ পূৰ্বে এক্সত বিজয়নে এটা পোষ্টত কৈছিল যে আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপন কৰাটো “আমাৰ দেশৰ সংবিধানৰ প্ৰকাশ্য অপমান”।

বিজয়নে লিখিছে, ‘এই শতবাৰ্ষিকী উদযাপনে স্বাধীনতা সংগ্ৰামৰ পৰা নিজকে আঁতৰাই ৰখা আৰু ঔপনিৱেশিকতাবাদত শিপাই থকা বিভাজনকাৰী মতাদৰ্শক প্ৰসাৰিত কৰা এটা সংগঠনক বৈধতা প্ৰদান কৰে। এই কাৰ্য আমাৰ দেশৰ প্ৰকৃত স্বাধীনতা সংগ্ৰামীসকলে কল্পনা কৰা ধৰ্মনিৰপেক্ষ, ঐক্যবদ্ধ ভাৰতৰ সপোনৰ ওপৰত হোৱা প্ৰত্যক্ষ আক্ৰমণ।’

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাধাৰণ সম্পাদক ডি ৰাজায়ো সামাজিক আৰু সাংস্কৃতিক ইতিহাসত আৰএছএছৰ অৱদানক লৈ প্ৰশ্ন উত্থাপন কৰি এই কাৰ্যক প্ৰতিক্ৰিয়াশীল, বিভাজনকাৰী আৰু সাম্প্ৰদায়িক বুলি অভিহিত কৰে।

ৰাজায়ে কয়, ‘সামাজিক আৰু সাংস্কৃতিক ইতিহাসত আৰএছএছে কি অৱদান আগবঢ়াইছে? ই এক প্ৰতিক্ৰিয়াশীল, বিভাজনকাৰী, সাম্প্ৰদায়িক, আৰু মেৰুকৰণকাৰী সংগঠন। এইটো সংগঠনে দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। স্বাধীনতা আন্দোলনত আৰএছএছৰ ভূমিকা স্পষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো। তেওঁ ৰাইজক এই বিষয়ে বুজাই দিব লাগে।’

একেদৰে আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও চৰকাৰক সমালোচনা কৰি কয় যে চৰকাৰে ৫২ বছৰ ধৰি জাতীয় পতাকা উত্তোলন নকৰা আৰু ঔপনিৱেশিক শাসনৰ সময়ত ব্ৰিটিছক সমৰ্থন কৰা সংগঠন এটাৰ শতবাৰ্ষিকী উদযাপন কৰিছে।

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ সাধাৰণ সম্পাদক দিপাংকৰ ভট্টাচাৰ্যই এই অনুষ্ঠানটোক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰি কয় যে, “এইটো এটা সংগঠন যিটোক ভাৰতৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ পেটেলে মহাত্মা গান্ধীৰ হত্যাকাণ্ডত ভূমিকা লোৱাৰ বাবে নিষিদ্ধ কৰিছিল। ইয়াৰ শতবাৰ্ষিকী উদযাপনৰ লগত গান্ধী জয়ন্তীৰ লগত মিল থকাটো এক দুৰ্ভাগ্যজনক কাকতলীয় সংযোগ।’

তেওঁ আৰু কয়, ‘তাতোকৈ বেয়া কথাটো হ’ল বৰ্তমানৰ চৰকাৰে ইমান উৎসাহেৰে আৰএছএছৰ শতবাৰ্ষিকী উদযাপন কৰিছে যে বিজেপি চৰকাৰ আৰু আৰএছএছৰ মাজৰ ৰেখাডাল ম্লান হৈ পৰিছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd