কেৰালাৰ নাম সলনি কৰি ‘কেৰালম’ (Keralam) ৰখাৰ বিধেয়কত আনুষ্ঠানিকভাৱে সন্মতি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিৰ এই অনুমোদনৰ লগে লগেই নাম পৰিৱৰ্তনৰ এই গুৰুত্বপূৰ্ণ বিধেয়কখন আইনত পৰিণত হৈছে। লোকসভাত ‘কেৰালা (নাম পৰিৱৰ্তন) বিধেয়ক, ২০২৬’ গৃহীত হোৱাৰ পাছত বুধবাৰে ৰাজ্যসভায়ো এই বিধেয়কত অনুমোদন জনায়।
ৰাজ্যসভাত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জানিবলৈ দিয়ে যে ২০২৪ চনত কেৰালা বিধানসভাই ৰাজ্যখনৰ নাম সলনি কৰি ‘কেৰালম’ কৰাৰ বাবে এক সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত এখন আইন আনিবলৈ অনুৰোধ জনাইছিল। তেওঁ কয়, “এই বিধেয়কৰ জৰিয়তে কেৰালা ৰাজ্যখনক এতিয়াৰ পৰা ‘কেৰালম’ হিচাপে জনা যাব, সেয়েহে নাম পৰিৱৰ্তনৰ এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে।”
উল্লেখ্য যে, কেৰালা চৰকাৰে ২০২৪ চনৰ জুন মাহত ৰাজ্যিক বিধানসভাত গৃহীত হোৱা এই প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে বিধেয়কখন ৰাজ্যিক বিধানসভালৈ তেওঁলোকৰ মতামতৰ বাবে পঠিয়ায় আৰু বিধানসভাই সৰ্বসম্মতিক্ৰমে এই বিধেয়কখনৰ প্ৰতি নিজৰ পূৰ্ণ সম্মতি জনায়।
‘কেৰালা (নাম পৰিৱৰ্তন) বিধেয়ক’খনৰ জৰিয়তে ৰাজ্যখনৰ নাম পৰিৱৰ্তনৰ লগতে সংবিধানতো প্ৰয়োজনীয় সংশোধনী অনা হ’ব। এই বিধেয়কৰ অধীনত সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি প্ৰথম অনুসূচীত কেৰালাৰ নাম সলনি কৰি ‘কেৰালম’ বুলি লিপিবদ্ধ কৰা হ’ব।





