শাসকেই হওক বা বিৰোধীয়েই হওক, নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সম্পত্তিৰ কথা জানি চকু কপালত উঠিবলগীয়া অৱস্থা হয়। ইয়াৰ ব্যতিক্ৰম হৈছে ২৬ বছৰীয়া আসনা থাম্বী। তেওঁ SUCI ৰ হৈ থিয় দিছে। তেওঁৰ সম্পত্তিৰ কথা শুনিলে আপুনি থতমত খাই পৰিব। কিমান জানেনে? মাত্ৰ ৮৪ টকা!
তেওঁৰ পকেটত ৪০ টকা। আৰু বেংকত? মাত্ৰ ৪৪ টকা। কেৰালা বিধানসভা নিৰ্বাচনত এট্টুমানূৰ সমষ্টিৰ পৰা এছ ইউ চি আইৰ প্ৰাৰ্থী আসনা। ৯ এপ্ৰিলত তাত ভোটদান।৪ মে’ত ফলাফল ওলাব। আসনাই মনোনয়ন পত্ৰত মাত্ৰ ৮৪ টকাৰ সম্পত্তিৰ কথা উল্লেখ কৰিছে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দলে ছিকিউৰিটি ডিপোজিট হিচাপে দিছে ১০ হাজাৰ টকা।
জানিব পৰা মতে, দলৰ সদস্য আসনাৰ স্থায়ী চাকৰি নাই। দলৰ কামতে তেওঁ সমৰ্পিত। তেওঁৰ ভাষাত, ‘প্ৰধান লক্ষ্য মানুহক সহায় কৰা। টকা উপাৰ্জন কৰিবলৈ নহয়। এয়া দলৰো সংবিধান। তাৰ বাহিৰলৈ যাব নোৱাৰো।’
এৰ্নাকুলামৰ এখন সৰু গাঁৱত জন্ম হৈছিল আসনাৰ। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই দলৰ সদস্য। পিতৃ চি কে থাম্বি এজন দিন হাজিৰা কৰা শ্ৰমিক। দলৰ জিলা সমিতিৰ সদস্য। মাতৃ ওমানা পিপিঅ’ও এগৰাকী দিন হাজিৰা কৰা মহিলা। দলৰ স্থানীয় সমিতিৰ সদস্যও। মাক-দেউতাকক দেখিয়েই ৰাজনীতিত নামিছি আসনা।
আসনা অতি কম বয়সতে পঢ়া-শুনা কৰিবলৈ কোচিলৈ গুচি যায়। আগতে তেওঁ পাৰ্টিৰ অফিচত থাকিছিল। সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰা আসনাই কয়, ‘মই পঢ়াৰ পৰাই দেখিছিলো যে SUCI য়ে মানুহৰ বাবে কেনেকৈ কাম কৰে।’ আসনাই এৰ্নাকুলামৰ মহাৰাজ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। কলেজত পঢ়ি থাকোঁতে তেওঁ পাৰ্টিৰ কাম কৰিছিল।
স্নাতক হোৱাৰ পিছত আসনা কোট্টায়মলৈ গুচি যায়। সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাতো তেওঁ আগতে পাৰ্টিৰ অফিচত থাকিছিল। ইয়াৰ মাজে মাজে দলীয় কাম চলি আছিল। তেওঁ এতিয়াও তাতেই থাকে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি সকলো কাম তেওঁ নিজেই কৰে। বাকী সময়খিনি মানুহৰ মাজত কটায়। এইবাৰ আসনাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।





