তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ পৰা যোৱা ১৩ অক্টোবৰত পবিত্ৰ গগৈ নামৰ এজন ব্যক্তিক আলফাই অপহৰণ কৰি নিয়াৰ পিছতে আজি মুকলি কৰি দিয়ে।
উল্লেখযোগ্য যে জাগুনৰ ২নং ফানেঙৰ পৰা পবিত্ৰ গগৈ ওৰফে টিকিৰা আৰু চন্দ্ৰ বুঢ়াগোহাঁই ওৰফে ফুপসিঙক ১৩ অক্টোবৰত আলফা (স্বা)ৰ এটা ১৬ জনীয়া দলে অপহৰণ কৰিছিল।
আৰু অৱশেষত আজি অৰুণাচলৰ চাংলাং জিলাৰ লংভি নামে গাঁৱত আলফা (স্বা)ৰ দলটোৱে পবিত্ৰ গগৈক ওৰফে টিকিৰাক মুকলি কৰি দিয়ে।
আনহাতে এগাৰকী সামান্য ব্যৱসায়ীক অলফাই কি কাৰণত এনেদৰে অপহৰণ কৰিছিল তাক লৈ সচেতন ৰাইজৰ মনত শংকাৰ সৃষ্টি হৈ থকাৰ সময়তে অপহৃতৰ কৱলৰ পৰা মুক্তি পোৱাৰ পিছতে অপহৰণৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিয়ে।
পবিত্ৰ গগৈয়ে দিয়া স্কীকাৰোক্তি অনুসৰি ২৪ ছেপ্টেম্বৰত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কঠাচেমাত আলফা -আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত জান অসম ওৰফে ৰুদ্ৰেশ্বৰ বৰুৱাই মৃত্যুক আঁকোৱলী লোৱাৰ পিছতে এই সমগ্ৰ ঘটনাৰ সৈতে পবিত্ৰ গগৈ জড়িত থকাৰ সন্দেহতে আলফা (স্বা)এ যুৱকজনক অপহৰণ কৰিছিল বুলি জানিব পৰা গৈছে।
কিন্তু যুৱকজনক অপহৰণৰ পাঁচ দিনৰ মূৰত আজি যুৱকজন নিৰ্দোষী বুলি প্ৰমাণিত হোৱাৰ পিছতে আলফা (স্বা) এ মুকলি কৰি দিয়ে।
আনহাতে একেদিনাই একেখন গাঁৱৰ পৰাই অপহৰণ কৰা চন্দ্ৰ বুঢ়াগোহাঁইৰ বৰ্তমানলৈকে কোনো শুংসূত্ৰ নাই। গতিকে এই সন্দৰ্ভত সৃষ্টি হৈছে আন এক গভীৰ ৰহস্যৰ।