• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ: অসম চৰকাৰৰ তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2025 10:29 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ (KKHSOU) পৰিচালনাত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত, অসম চৰকাৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

অসম পাব্লিক ৱৰ্কছ (APW) গোটে দাখিল কৰা লিখিত এজাহাৰৰ ভিত্তিত এই তদন্ত আৰম্ভ কৰা হৈছে। অভিযোগকাৰীৰ দাবী অনুসৰি, তেওঁলোকে নথিপত্ৰসহ বিভিন্ন অনিয়মৰ প্ৰমাণ দাখিল কৰিছে।

Apply Now

ৰাজ্য চৰকাৰে উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব আশ্ৰুমণি মালাকাৰক তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে অক্টোবৰ মাহত চৰকাৰী নিৰ্দেশ জাৰি কৰিছিল।

বৰ্তমান মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু KKHSOUৰ প্ৰাক্তন পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰী, লগতে উপ-পঞ্জীয়ক ৰাতুল পাটোৱাৰীকো তদন্তৰ আওঁতাত অনা হ’ব বুলি সদৰী কৰা হৈছে।

অসম পাব্লিক ৱৰ্কছ গোটে অভিযোগ কৰিছে যে উপাচাৰ্য দাসে চৰকাৰী আৰু শিক্ষাৰ্থীৰ ধন ব্যৱহাৰ কৰি নিৰ্মাণ আৰু মেৰামতিৰ কামবোৰৰ বাবে নিবিদা (tender) নিদিয়াকৈ সম্পন্ন কৰিছিল। আৰু নীতি বহির্ভূতভাৱে অৰূপজ্যোতি চৌধুৰীৰ কাৰ্যকাল বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এই অভিযোগসমূহ উন্মোচন কৰাৰ বাবে এজন অধ্যাপকক উপাচাৰ্য দাসে চাকৰিৰ পৰা ওলবৰ্খাস্ত কৰিছিল, যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ পুনঃনিযুক্তিৰ নিৰ্দেশ দিয়ে।

আন এক গুৰুতৰ অভিযোগ অনুসৰি, এগৰাকী মহিলা কৰ্মচাৰীয়ে উপ-পঞ্জীয়ক ৰাতুল পাটোৱাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ অনুসন্ধান কমিটীয়ে পাটোৱাৰীক দোষী সাব্যস্ত কৰা পাছতো উপাচাৰ্য দাসে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে। ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰাঞ্জিত বৰাই আদালতত জনায় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযোগৰ ওপৰত কোনো পদক্ষেপ লোৱা নাছিল।

উল্লেখযোগ্য যে, আগষ্ট মাহত অসম ৰাজ্যিক APW-ৰ নেতা অভিজিৎ শৰ্মা আৰু ধ্ৰুৱজ্যোতি তালুকদাৰে নথিপত্ৰসহ অভিযোগপত্ৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত তদন্তৰ নিৰ্দেশ দিয়ে।

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKHSOU) অসমৰ একমাত্ৰ মুক্ত বিশ্ববিদ্যালয়। ২০০৬ চনত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়খন উচ্চ শিক্ষা বিভাগৰ অধীনত চলি আছে আৰু ৰাজ্যৰ দুৰ্গম অঞ্চলত শিক্ষাৰ সুযোগ প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd