DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুভমন গীলৰ দুৰ্দান্ত বেটিঙৰ সহায়ত হায়দৰাবাদক সহজেই পৰাজিত কৰিলে কলকাতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2020 8:55 am
KKR win vs SRH
262
VIEWS
Share on FacebookShare on Twitter

খেলখনৰ ১৭তম অ’ভাৰত অভিষেক শৰ্মাৰ বলত ছয় কোবাই শুভমন গীলে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে চলিত আইপিলত প্ৰথমটো বিজয় আজুৰি আনে।

শনিবাৰে ডুবাইত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰছিদ খান, ভুৱনেশ্বৰ কুমাৰৰ দৰে শক্তিশালী বলিঙৰ বিৰুদ্ধে অপৰাজিত ৭০ ৰাণ কৰি কলকাতা নাইট ৰাইডাৰ্ছক সাত উইকেটত বিজয়ী কৰাত মূখ্য ভূমিকা গ্ৰহণ কৰে গীলে।

টছত জিকি প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত লয় হায়দৰাবাদৰ অধিনায়ক ডেভিড ৱাৰ্ণাৰে। কিন্তু কলকাতাৰ ফৰ্মলৈ উভতি অহা বলাৰ কামিন্সে আৰম্ভণিতেই বেয়াৰষ্ট’ৰ উইকেট হস্তগত কৰে।

কামিন্সক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আন দুগৰাকী বলাৰ শিবম মাভি আৰু কমলেশ নাগৰকোটিয়ে।

হায়দৰাবাদে প্ৰথম দহ অভাৰত দুটা উইকেট হেৰুৱাই মাত্ৰ ৬১ৰাণহে কৰিবলৈ সক্ষম হয়। এনে অৱস্থাৰ পৰা হায়দৰাবাদক উদ্ধাৰ কৰে মনীষ পাণ্ডেই।

মনীষ পাণ্ডেই ৩৮টা বলত ৫১ ৰাণৰ এটা আকৰ্ষণীয় ইনিংছ খেলে। মনীষৰ লগতে ঋদ্ধিমান সাহাৰ ৩০ৰাণৰ সহায়ত হায়দৰাবাদে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ১৪২ৰাণ কৰিবলৈ সক্ষম হয়।

আনহাতে, বেটিং কৰিবলৈ নামি কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমতে নাৰাইনৰ উইকেট হেৰুৱায় যদিও নীতিশ ৰাণা আৰু শুভমন গীলে ইনিংছ চম্ভালি লয়।

নীতিশ ৰাণাই ভাল আৰম্ভণি কৰে যদিও ১৩টা বলত ২৬ৰাণ কৰি আউট হৈ যায়। ইয়াৰ পাছতে শূন্য ৰাণতে আউট হয় অধিনায়ক দীনেশ কাৰ্তিক।

ইয়াৰ পাছত দলৰ ৰাণ গঢ়াৰ দায়িত্ব লৈ মৰ্গান আৰু গীলে ইনিংছ আগবঢ়াই নিয়ে। তাৰ মাজতে নিজৰ অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে শুভমন গীলে।

অৱশেষত গীল আৰু মৰ্গানৰ যুটীটোৱে ১২টা বল খেলিবলৈ বাকী থাকোতেই কলকাতাক বিজয় আনি দিয়ে।

গীলৰ ৭০ৰাণৰ অপৰাজিত ইনিংছটোত আছিল পাঁচটা চাৰি আৰু দুটা ছয়। আনহাতে, মৰ্গানেও ২৯ বলত ৪২ৰাণৰ এটা আক্ৰমণাত্মক ইনিংছ খেলি অপৰাজিত হৈ ৰয়।

সেইদৰে, হায়দৰাবাদক সাত উইকেটত পৰাজিত কৰি কলকাতাই চলিত আইপিএলৰ প্ৰথমটো বিজয় সাৱ্যস্ত কৰে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd