• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিহাসৰ আটাইতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ; বনজুইয়ে ধ্বংস কৰি পেলালে আমেৰিকাৰ হাৱাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 4:15 pm
হাৱাইৰ মাউই কাউন্টিত বনজুইত বিধ্বস্ত অঞ্চল। ফটো: সংগ্ৰহীত।

হাৱাইৰ মাউই কাউন্টিত বনজুইত বিধ্বস্ত অঞ্চল। ফটো: সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই ৰাজ্যৰ মাউই কাউন্টিত বনজুইৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। এই অগ্নিকাণ্ডক আমেৰিকাৰ অংগৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হৈছে।

এই পৰ্যন্ত এই অগ্নিকাণ্ডত বহু লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। কৰ্তৃপক্ষই জনোৱা মতে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। শ শ লোক এতিয়াও সন্ধানহীন হৈ আছে। কৰ্তৃপক্ষই অনুসন্ধান অভিযান অব্যাহত ৰাখিছে।

যোৱা মঙলবাৰে সংঘটিত হয় এই অগ্নিকাণ্ড বিয়পি পৰাৰ ঘটনা। কিন্তু তাৰ আগতে বতৰ বিজ্ঞান বিভাগে কোনো বিশেষ সতৰ্কবাণী দিয়া নাছিল।

Apply Now

বিষয়াসকলে জনোৱা মতে, আমেৰিকাৰ মাউই দ্বীপত সংঘটিত হোৱা বনজুইৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত হৈছে ৯৩ জন। কিন্তু শ শ লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু হাৱাইৰ গৱৰ্ণৰ জোছ গ্ৰীনে কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। তেওঁ কয় যে আৰু বহু নিহত লোকৰ মৃতদেহ চিনাক্তকৰণৰ বাবে অপেক্ষা কৰি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই ৰাজ্যৰ মাউই কাউন্টিত বনজুই। ফটো: সংগ্রহীত।

মাউইৰ ঐতিহাসিক চহৰ লাহাইনাৰ এটা বৃহৎ অংশ সম্পূৰ্ণৰূপে ধ্বংস হয় এই অগ্নিকাণ্ডত। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এই চহৰকে ধৰি কেইবাটাও অঞ্চলত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰা হৈছে।

লাহাইনাৰ পৰা খালী কৰা বাসিন্দাসকলে কয় যে তেওঁলোকৰ কিছুমান ঘৰত লুটপাত কৰা হৈছে যদিও আৰক্ষীয়ে সেই কথা নিশ্চিত কৰা নাই।

মাউই দ্বীপৰ পশ্চিম দিশত বনজুইৰ বলি হোৱা লোকৰ সন্ধানত এতিয়াও অনুসন্ধানকাৰী দলে অভিযান চলাই আছে। ফেডাৰেল বিষয়া জেৰেমি গ্ৰীণউডে কয় যে এতিয়াও প্ৰায় ১০০০ লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই যদিও তেওঁলোকৰ হয়তো বহুতেই নিৰাপদে আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই ৰাজ্যৰ মাউই কাউন্টিত বনজুই বিধ্বস্ত অঞ্চল। ফটো: সংগ্রহীত।

ক’ষ্ট গাৰ্ডে জনোৱা মতে, চহৰখনৰ বন্দৰ অঞ্চলৰ পানীৰ পৰা ১৭ জন লোকক জীৱন্তে উদ্ধাৰ কৰা তেওঁলোকে জুইৰ পৰা হাত সাৰিবলৈ সাগৰত জপিয়াই পৰিছিল।

জীৱিত আৰু স্থানচ্যুত লোকৰ বাবে মুকলি কৰা হৈছে ছটা আশ্ৰয় শিবিৰ। বিষয়াসকলে কয় যে তেওঁলোকে পৰ্যটকসকলক হোটেল আৰু ক্ষতিগ্ৰস্ত লোকসকলক ভাড়াঘৰত ৰখাৰ পৰিকল্পনা কৰিছে।

হাৱাইৰ এই দ্বীপটোত আমেৰিকাৰ বহু ধনী লোকে বাস কৰে, য’ত আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছও ​​আছে। ইতিমধ্যে তেওঁ আৰু তেওঁৰ সংগী লৰেন ছানচেজে বনজুইৰ বলি হোৱা লোকসকলক ১০ কোটি ডলাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই ৰাজ্যৰ মাউই কাউন্টিত বনজুইত বিধ্বস্ত অঞ্চল। ফটো: সংগ্রহীত।

যোৱা মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই অগ্নিকাণ্ড পিছত হাৰিকেন ড’ৰাৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড বতাহত ব্যাপকভাৱে বিয়পি পৰে।

ইয়াৰ পিছত কৰ্তৃপক্ষই তাৰ পৰা প্ৰায় ১৪ হাজাৰ পৰ্যটকক উলিয়াই আনে। কিন্তু বিদ্যুৎ আৰু ইণ্টাৰনেট যোগাযোগ ব্যৱস্থা বিকল হোৱাৰ বাবে এতিয়াও বহু লোকক বিচাৰি পোৱা নাই কৰ্তৃপক্ষই।

মাউই দ্বীপৰ কৰ্তৃপক্ষই জনোৱা মতে, বনজুইৰ ফলত হোৱা ব্যাপক ক্ষতিৰ পৰা হাত সাৰিবলৈ বহু বছৰ আৰু শ শ কোটি ডলাৰৰ প্ৰয়োজন হ’ব। গৱৰ্ণৰ গ্ৰীনে কয় যে এইটো সম্ভৱতঃ হাৱাই ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই ৰাজ্যৰ মাউই কাউন্টিত বনজুই বিধ্বস্ত অঞ্চল। ফটো: সংগ্রহীত।

গ্ৰীনে প্ৰকাশ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে ঘৰবোৰ জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে। তাতে তেওঁ কৈছে যে কমেও ১০০০ ঘৰ ধ্বংস হৈছে।

ইফালে, মাউই বন বিভাগে জনোৱা মতে, মঙলবাৰৰ পৰা বনাঞ্চলৰ একাধিক স্থানত বনজুইত শ শ একৰ বনভূমি জ্বলি গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd