বহুতৰে ৰাতি শুই থকাৰ সময়ত লাইট জ্বলাই বা টিভি চলাই ৰখাৰ অভ্যাস আছে। কোনোৱে আন্ধাৰলৈ ভয় কৰে, আন কোনোৱে টিভিৰ শব্দৰ লগত শুই আৰাম পায়। কিন্তু চিকিৎসকৰ মতে এই অভ্যাস দীৰ্ঘদিন ধৰি চলি থাকিলে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
বিশেষজ্ঞসকলে কয় যে মানুহৰ শৰীৰত এটা প্ৰাকৃতিক শৰীৰৰ ঘড়ী থাকে, যাক চাৰ্কাডিয়ান ৰিদম বোলা হয়। এই ঘড়ীটোৱে দিন ৰাতিৰ পোহৰ আৰু আন্ধাৰ অনুসাৰে কাম কৰে। ৰাতি আন্ধাৰ হ’লে শৰীৰত মেলাটনিন নামৰ হৰম’ন নিৰ্গত হয়, যিয়ে টোপনি অনাত সহায় কৰে। কিন্তু কোঠাটোত পোহৰ বা টিভি স্ক্ৰীণৰ পোহৰ থাকিলে এই হৰম’নৰ নিঃসৰণ কমি যায়। ফলত টোপনিৰ মানৰ অৱনতি ঘটে।
টিভি অন কৰি শুলে কেৱল পোহৰেই নহয়, টিভিৰ শব্দ আৰু স্ক্ৰীণৰ পৰিৱৰ্তিত পোহৰেও মগজুক আংশিকভাৱে সক্ৰিয় কৰি ৰাখে। যাৰ ফলত গভীৰ টোপনি নাহে। ফলত ৰাতিপুৱা সাৰ পোৱাৰ পিছতো ভাগৰুৱা অনুভৱ হয়।
কেৱল টোপনিৰ সমস্যাই নহয়, এই অভ্যাসে শৰীৰৰ হৰম’নৰ ভাৰসাম্যতো প্ৰভাৱ পেলাব পাৰে। অধ্যয়নত দেখা গৈছে যে ৰাতি কৃত্ৰিম পোহৰত শুলে শৰীৰৰ বিপাকীয় ক্ৰিয়া বা শক্তি ব্যৱহাৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। যদি এনেদৰে দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে ওজন বৃদ্ধি, মেদবহুলতা বা বিপাকীয় সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
আন কিছুমান গৱেষণাত কোৱা হৈছে যে ৰাতি পোহৰত শুলে শৰীৰৰ প্ৰাকৃতিক হৰম’ন চক্ৰত ব্যাঘাত জন্মে আৰু টোপনিৰ মানদণ্ড হ্ৰাস পায়। ফলত ক্ৰমান্বয়ে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। যেনে ভাগৰুৱা, মনোযোগ কমি যোৱা বা হৰম’নৰ সমস্যা।
চিকিৎসকৰ মতে ভাল টোপনিৰ বাবে কিছুমান সহজ নিয়ম মানি চলাটো জৰুৰী। যেনে শুই পৰাৰ আগতে টিভি বা মোবাইল বন্ধ কৰি ৰখা, কোঠাটো আন্ধাৰ কৰি ৰখা, নিৰ্দিষ্ট সময়ত শুই থকা। ইয়াৰ ফলত শৰীৰে বুজি পায় যে এতিয়া জিৰণি লোৱাৰ সময়।
মুঠতে লাইট জ্বলাই বা টিভি অন কৰি শুই থকাটো বহুতৰে স্বাভাৱিক অভ্যাস যদিও দীৰ্ঘকালীনভাৱে ই শৰীৰৰ হৰম’ন আৰু বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। গতিকে ভালদৰে শুবলৈ আৰু সুস্থ হৈ থাকিবলৈ ৰাতি যিমান পাৰি এন্ধাৰ আৰু নিস্তব্ধ পৰিৱেশত শুই থকাটোৱেই উত্তম।





