• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৌপাশৰ নেতিবাচক লোকৰ বাবে উদ্বিগ্ন নেকি? নিজকে শান্ত ৰাখিবলৈ জানি লওক যাদুকৰী টিপছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:11 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ চৌপাশে এনেকুৱা মানুহ আছে যিয়ে সকলো সময়তে কিবা এটা কথাত অভিযোগ কৰে বা নেতিবাচক কথা কয়। তেওঁলোকৰ লগত বহুদিন থাকিলে আপোনাৰ মনতো চাপ পৰে আৰু কাম কৰাৰ প্ৰেৰণা হেৰাই যায়। কিন্তু সমাজত বা কৰ্মক্ষেত্ৰত এনে লোকৰ পৰা আঁতৰি থকাটো সদায় সম্ভৱ নহয়। গতিকে, আপোনাৰ মানসিক শান্তি বজাই ৰাখি এই পৰিস্থিতি কেনেকৈ চম্ভালিব পাৰি তাৰ কিছুমান সহজ উপায় জানি লওক-

১) তৰ্কত লিপ্ত নোহোৱাকৈ শান্ত হৈ থাকক: নেতিবাচক মানুহে প্ৰায়ে বিচাৰে যে আপুনি তেওঁলোকৰ লগত একমত হওক বা উত্তেজিতভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক। কিন্তু তেওঁলোকৰ লগত তৰ্কত লিপ্ত হ’লে আলোচনাৰ নেতিবাচকতা আৰু বাঢ়িব। গতিকে যেতিয়া কোনোবাই আপোনাৰ সন্মুখত অভিযোগ কৰি থাকে তেতিয়া কেৱল শান্তভাৱে শুনক। কোনো ধৰণৰ কঠোৰ মন্তব্য নকৰিব। আপোনাৰ উদাসীন মনোভাৱ দেখি তেওঁলোকে এটা সময়ত কথা কোৱাৰ উৎসাহ হেৰুৱাব।

Apply Now

২) কথা-বতৰাৰ মোৰ ঘূৰাই দিয়ক: নেতিবাচক মানুহে কেৱল সমস্যাৰ ওপৰত গুৰুত্ব দি ভাল পায়। আলোচনাৰ দিশটো সমস্যাৰ পৰিৱৰ্তে সমাধানৰ দিশত ল’বলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, কোনোবাই যদি অফিচৰ কামৰ হেঁচাত সকলো সময়তে অভিযোগ কৰে, তেন্তে তেওঁক সুধিব, ‘আপুনি এই চাপ কমোৱাৰ বাবে কি চিন্তা কৰিছে?’ বা ‘ বলক ফ্ৰেচ হ’বলৈ কফি একাপ খাওঁ।’ ইয়াৰ ফলত কথা-বতৰাৰ বিষাক্ত চোক অলপ কমি যাব।

৩) নিজকে ‘নাই’ বুলি ক’বলৈ শিকক: আপোনাৰ সময় মূল্যৱান। যদি কোনোবাই আপোনাক ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাণ ঘোলা কৰি আছে, তেন্তে ভদ্ৰভাৱে আঁতৰি যাওক। আপুনি পোনপটীয়াকৈ ক’ব পাৰে, ‘মই আপোনাৰ কথা শুনিছো, কিন্তু এতিয়া মোৰ এটা জৰুৰী কাম আছে, গতিকে মই উঠিব লাগিব।’ এই সীমা নিজৰ বাবে সৃষ্টি কৰাটো অতি প্ৰয়োজনীয়, নহ’লে আনে আপোনাৰ মানসিক শক্তি শুহি নিব।

৪) সকলো কথা ব্যক্তিগতভাৱে লব নালাগে: মনত ৰাখিব নেতিবাচক মানুহ আচলতে নিজৰ বা নিজৰ পৰিস্থিতিৰ ওপৰত অসুখী। তেওঁলোকৰ কঠোৰ কথাৰ ধৰণ বা আচৰণৰ কাৰণ আপুনি নহয়, তেওঁলোকৰ নিজৰ মানসিকতাহে। গতিকে, যদি তেওঁলোকে আপোনাৰ বা আন কাৰোবাৰ বিষয়ে কিবা কয়, তেন্তে সেইটো মনত ধৰিব নালাগে। কথাটো তাতেই এৰি দিয়ক।

৫) ইতিবাচক মানুহৰ সংগ লওক: যদি আপুনি দিনটোৰ বেছিভাগ সময় নেতিবাচক পৰিস্থিতিত কটায়, তেন্তে বাকী সময়খিনি এনেকুৱা মানুহৰ লগত কটাওক যিয়ে আপোনাক হাঁহিবলৈ বা নতুন কিবা এটা শিকাব পাৰে। ভাল কিতাপ পঢ়া, গান শুনা বা ভাল লগা কাম এটা কৰিলেও এই মানসিক চাপৰ পৰা উপশম পাব।

৬) অপ্ৰয়োজনীয় পৰামৰ্শ দিয়া বন্ধ কৰক: বহু সময়ত আমি ভাবো যে পৰামৰ্শ দি নেতিবাচক মানুহক সলনি কৰিম। কিন্তু বাস্তৱতা হ’ল, যিসকলে কেৱল অভিযোগ কৰাত অভ্যস্ত, তেওঁলোকে সমাধানতকৈ সহানুভূতি বা মনোযোগ বেছি বিচাৰে। গতিকে সেইবোৰ সলনি কৰাৰ দায়িত্ব লোৱাতকৈ নিজকে ভালে ৰখাৰ চেষ্টা কৰক।

আপোনাৰ চৌপাশৰ পৰিৱেশ সদায় আপোনাৰ নিয়ন্ত্ৰণত নাথাকে, কিন্তু আপোনাৰ মনত কাৰ কথাৰ প্ৰভাৱ পৰিব তাৰ চাবিকাঠি আপোনাৰ হাতত। নিজকে ইতিবাচক কৰি ৰখাটোৱেই এনে পৰিস্থিতি চম্ভালিবলৈ সৰ্বোত্তম কৌশল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd