• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ বাবে প্লাষ্টিকৰ টিফিন বক্স স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক? জানিলে কেতিয়াও নকৰে এনে ভুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2024 7:48 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানক অতি মৰম আৰু যত্নৰে লালন-পালন কৰে। কিন্তু কেতিয়াবা তেওঁলোকে অজানিতে কিছুমান ভুল কৰে যিয়ে তেওঁলোকৰ সন্তানৰ ক্ষতি কৰে।

বহু অভিভাৱকে নিজৰ সন্তানক প্লাষ্টিকৰ টিফিন বক্সত মধ্যাহ্ন আহাৰ আৰু জলপান দি স্কুললৈ পঠিয়াই দিয়ে। ইয়াৰ উপৰিও শিশুৰ খোৱাপানীৰ বটলবোৰো প্লাষ্টিকৰে তৈয়াৰী। কিন্তু আপুনি জানেনে প্লাষ্টিকৰ টিফিন বক্সৰ ব্যৱহাৰ শিশুৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক?

আজিকালি বজাৰত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বক্স পোৱা যায়। ভাল দেখাৰ উপৰিও দামতো সস্তা। সেয়ে, পিতৃ-মাতৃয়ে সেইবোৰ কিনি আনি গৰম খাদ্য ভৰাই ল’ৰা-ছোৱালীক দিয়ে।

Apply Now

কিন্তু প্লাষ্টিকৰ বক্সত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে। শিশুৰ স্বাস্থ্যৰ বাবে সেয়া অতি ক্ষতিকাৰক। ফলত শিশুৱে দীৰ্ঘদিন ধৰি শাৰীৰিক সমস্যাত ভুগিবলগীয়া হয়। প্লাষ্টিকৰ টিফিন বক্সত খাদ্য খোৱাটোৱে শিশুৰ স্বাস্থ্যৰ কিদৰে ক্ষতি কৰে জানো আহক।

প্লাষ্টিকৰ কণা

কেতিয়াবা প্লাষ্টিক ভাঙি সৰু সৰু কণালৈ পৰিণত হয়। ইয়াক মাইক্ৰ’প্লাষ্টিক বোলা হয়। এই ধৰণৰ টিফিন বক্সত শিশুক খাদ্য দিলে ই শিশুৰ শৰীৰত প্ৰৱেশ কৰে। ফলত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু শিশুৰ সংক্ৰামক ৰোগ হ’বলৈ আৰম্ভ কৰে।

বেক্টেৰিয়া

প্লাষ্টিকৰ টিফিন বক্সত বেক্টেৰিয়া সহজে বৃদ্ধি পায়। শিশুৱে ইয়াত থকা খাদ্য খালে অসুস্থ হোৱাৰ সম্ভাৱনা বেছি। বিশেষকৈ কিছুমান অভিভাৱকে টিফিন বক্স বহুদিন ব্যৱহাৰ কৰে আৰু ভালদৰে পৰিষ্কাৰ নকৰিলে ই বেক্টেৰিয়া জমা হয়। ফলত শিশুসকল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।

প্লাষ্টিকৰ তৰপবোৰ উঠি যোৱা

প্লাষ্টিকৰ টিফিন বক্সটো ঘঁহিলে ইয়াৰ ওপৰৰ তৰপটো উঠি আহিবলৈ আৰম্ভ কৰে। যাৰ ফলত ইহঁত খাদ্যৰ লগত মিহলি হৈ পৰে। ফলত শিশু অসুস্থ হৈ পৰে। সেয়ে, সেইবোৰ প্ৰতিৰোধ কৰিবলৈ প্লাষ্টিকৰ টিফিন বক্সৰ পৰিৱৰ্তে শিশুৰ বাবে ষ্টীলৰ টিফিন বক্স ব্যৱহাৰ কৰক।

বি:দ্ৰ: যদি আপুনি দীৰ্ঘদিন ধৰি শিশুক প্লাষ্টিকৰ বক্সত খাদ্য খুৱাই আহিছে তেন্তে বন্ধ কৰক। যদি প্লাষ্টিকৰ টিফিন বক্স দিব লাগে তেন্তে এমাহতকৈ বেছি ব্যৱহাৰ নকৰিব। ভালদৰে পৰিষ্কাৰ কৰি ব্যৱহাৰ কৰক। শিশুক ষ্টীলৰ বটলত পানী দিয়ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

October 31, 2026 7:33 am
গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

October 30, 2026 8:45 pm
পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

October 31, 2026 7:33 am
গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd