• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৩ ফেব্ৰুৱাৰিৰ ‘অসম বন্ধ’ক লৈ কোচ ৰাজবংশী সংগঠনৰ নিজৰ মাজতে বিভাজন!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 11, 2019 2:31 pm
9574ecea-77e1-4b26-9646-fc64a956fd12

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীৰে দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী দল সংগঠনে আন্দোলন, প্ৰতিবাদ কৰি আহিছে যদিও তেওঁলোকৰ মাজতে বিভাজনৰ সৃষ্টি হোৱা দেখা গৈছে।

জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা কোচ ৰাজবংশী সন্মিলনীৰ দুটা ফৈদৰ মাজতে অহা ১৩ ফেব্ৰুৱাৰিৰ অসম বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিভাজনৰ।

Apply Now

এটা পক্ষই এই অসম বন্ধৰ আহ্বান কৰিছে যদিও আনটো পক্ষই এই বন্ধক সমৰ্থন জনোৱা নাই।

লক্ষণীয় ভাবে দেৱকুমাৰ শইকীয়াৰ নেতৃত্বৰ ফৈদটোৱে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ বীৰেশ্বৰ শইকীয়াৰ সভাপতিত্বত পৰিচালিত সন্মিলনীৰ গোটটোৱে মানি ল’ব খোজা নাই।

বীৰেশ্বৰ শইকীয়া সমিতিৰ প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত দাবী কৰি কয়, “দেৱকুমাৰ শইকীয়াৰ নেতৃত্বৰ কোচ ৰাজবংশী সন্মিলনীৰ সমিতিখন বৈধ নহয়। তেওঁলোকৰ কোনো জিলা সমিতি নাই আৰু কেন্দ্ৰীয় সমিতিখনৰো কোনো স্পষ্টতা নাই। তেওঁলোকে কেতিয়াবা কেতিয়াবাহে ভুমুকি মাৰে আৰু কোচ ৰাজবংশী সকলৰ প্ৰতি তেওঁলোকৰ কোনো অৱদান নাই।”

ইয়াৰ বিপৰীতে দেৱকুমাৰ শইকীয়া সমিতিৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে নৰ্থ ইষ্ট নাওৰ আগত দাবী কৰে, “কোচ ৰাজবংশী ৰাইজৰ পক্ষত তেওঁলোক সদায় আছে। তেওঁলোকৰ ২৭ খন জিলা সমিতিও আছে।”

আনহাতে, দুয়োখন সমিতিৰ সৈতে পৃথকে পৃথকে হোৱা আলোচনাত দিয়া চৰকাৰী পক্ষৰ প্ৰতিশ্ৰুতিয়ে এক পক্ষক আশ্বস্ত কৰিলেও আন পক্ষক আশ্বস্ত কৰিব পৰা নাই।

বীৰেশ্বৰ শইকীয়া সমিতিৰ সত্যজিৎ শইকীয়াই এই সম্পৰ্কত কয়, “যোৱা ২৯ জানুৱাৰিৰ দিনা হোৱা আলোচনাৰ সময়ছোৱাত মন্ত্ৰীসভাৰ সমিতিখনে তেওঁলোকৰ পৰা সকলোধৰণৰ মতামত গ্ৰহণ কৰিছে। চৰকাৰখনে পৰ্যায়ক্ৰমে কাম কৰিবলৈ চৰকাৰখনক কিছু সময় দিব লাগিব। এইক্ষেত্ৰত অসম বন্ধ দিয়াটো যুক্তিসংগত নহয়।”

ইয়াৰ বিপৰীতে চৰকাৰৰ এই প্ৰতিশ্ৰুতিয়ে আশ্বস্ত কৰিব পৰা নাই দেৱকুমাৰ শইকীয়াৰ সন্মিলনীক।

হিমু ৰাজবংশীৰ মতে ” আমি ১ ফেব্ৰুৱাৰিত চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছিলো। ৰাজ্যসভাৰ অধিবেশন শেষ হ’ব ১৩ ফেব্ৰুৱাৰিত। গতিকে মন্ত্ৰীসভাৰ সমিতিখনে ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন প্ৰেৰণ কৰিলে কি লাভ হব? গতিকে ১৩ ফেব্ৰুৱাৰিত এই বন্ধ দিয়া হৈছে।”

প্ৰশ্ন হয়, এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে নিজৰ মাজতে এনে কেতবোৰ বিভাজনে কি ইংগিত বহন কৰিছে? সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়ো পক্ষই একে মতত উপনীত হ’ব নে এনেদৰেই নিজৰ মাজতে যুঁজ অব্যাহত ৰাখি সমস্যাটো জীয়াই ৰাখিব?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd