DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2018 7:04 pm
Hagrama VS Naba

ফাইল ফটো: হাগ্ৰামা মহিলাৰী আৰু নৱ শৰণীয়া

273
VIEWS
Share on FacebookShare on Twitter

বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা নাই। বিটিচিত ভিচিডিচিৰ পৰিৱৰ্তে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হ’ব লাগে। আজি দিচপুৰ প্ৰেছক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই।

তেওঁ লগতে অভিযোগ কৰি কয় যে এডৰা মাটি নথকা কোনো ব্যৱসায় নথকা সত্ত্বেও ভিচিডিচিৰ অধ্যক্ষ হ’লে তেওঁলোকে ২ বছৰতে ডাঙৰ ডাঙৰ ঘৰ নিৰ্মাণ কৰিব পাৰে।

আনহাতে, ভিচিডিচিৰ অধীনত কোটি কোটি টকা হৰলুকি হোৱাৰ বাবে দীৰ্ঘদিন ধৰি ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰীক পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ আহ্বান জনাই অহা বুলিও শৰণীয়াই উক্ত সংবাদমেলত সদৰী কৰে।

তদুপৰি, ২০১২ চনতে বড়োলেণ্ড ভিলেজ কাউন্সিল বিল ২০১২’ ৰাজ্যসভাত গৃহীত হৈ অহাৰ পাছতো ৰাজ্যপালে স্বাক্ষৰ কৰি এই বিলখন কাৰ্য্যকৰী নকৰাৰ অভিযোগ তুলি তেওঁ লগতে কয় যে উক্ত বিলখনৰ জৰিয়তে বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হ’লহেঁতেন।

তেওঁ লগতে কয়, ‘’পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন নোহোৱা বাবে বিটিএডিৰ নাথ, যোগী, কোচ-ৰাজবংশী বা অন্যান্য জনগোষ্ঠীৰ লোকসকল ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, চাকৰিৰ অধিকাৰ আৰু বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।‘’

আনহাতে, বিটিচি অঞ্চলৰ পৰা হৰলুকি হোৱা ধন ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে লাভ কৰে নেকি বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’যদি নাপায় তেন্তে চৰকাৰে অতি সোনকালে উক্ত বিলখন পাছ কৰিব লাগে।‘‘

তদুপৰি বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদে অ-বড়ো লোকসকলৰ আশা-আকাংক্ষা পূৰণত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে শৰণীয়াই।

ইপিনে, বিটিএডিত চাৰিখন জিলা অন্তৰ্ভুক্ত হৈ থকাৰ পাছতো কিয় এখন স্বায়ত্ত শাসিত পৰিষদ আছে বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’কাৰ্বি আংলং এখন জিলা গতিকে স্বায়ত্ত শাসিত পৰিষদ থাকিব পাৰে, কিন্তু বিটিএডিত এজন প্ৰধান সচিবে এখন পৰিষদ পৰিচালনা কৰাটো সহজ নহয়।‘’

আনহাতে, এই একেখন সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত শৰণীয়াৰ স্থিতি জানিব বিচৰাত তেওঁ কয়, ‘‘বিপিএফে মনে মনে নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন জনাই আছে।‘’

তদুপৰি, এই ক্ষেত্ৰত তেওঁ কোনোপধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থনত নাই বুলি জানিবলৈ দিয়াৰ লগতে বিলখন সংসদত উত্থাপন হ’লে তেওঁৰ স্থিতি প্ৰকাশ কৰিব বুলি কয়।

কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশী অনাৰ স্বাৰ্থত তথা অসমীয়াৰ মাজত বিভাজন অনাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখন অনা বুলি তেওঁ উক্ত সংবাদমেলত সদৰী কৰে।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd