• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“কোন তুমি” – এক চুটি ছবিৰ পৰ্যালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:18 am
113
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

– ৰিমলী বৰকটকী

“কোন তুমি” – আজি এই সদ্যমুক্তিপ্ৰাপ্ত চুটি ছবিখনৰ বিষয়েই এই কলম। ছবিখনৰ কাহিনীভাগৰ লগতে চিত্ৰনাট্যও লিখিছে শ্ৰেয়ন শেখৰ শৰ্মাই। ছবিখনৰ পৰিচালনাও তেওঁ নিজেই কৰিছে। চিনেমেট’গ্ৰাফীৰ কাম কৰিছে তন্ময় কলিতাই আৰু সংগীত ব্যৱস্থাপনা গৌৰৱ ৰাজ হাজৰিকাৰ।

Apply Now

“কোন তুমি” চুটি ছবিখন বৰ্তমান ইউটিউবৰ “দা অৰ্গেনিক ক্ৰিয়েটৰ্ছ (The Organic Creators)” নামৰ চেনেলটিত উপলব্ধ। মূলতঃ শ্ৰদ্ধাৰ বৰেণ্য শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা আৰু স্মৰণ জনাই নিৰ্মাণ কৰা হৈছে এই ছবিখন।

“কোন তুমি” এখন যাদুকৰী বাস্তৱবাদৰ (Magical Realism) লগতে এখন অতিলৌকিক তথা মনস্তাত্বিক ধাৰাৰ ছবি। ছবিখনৰ আৰম্ভণি হয় সিদ্ধাৰ্থ মুখাৰ্জীয়ে গান লিখিবলৈ লোৱাৰ পৰা। তেওঁ গান লিখিবলৈ বহে আৰু তেওঁৰ ঘৰত থকা সহায়কাৰী ল’ৰাজনে (অভিজিত গেৰুৱান) তেওঁক আহাৰ গ্ৰহণৰ বাবে মাতে। গীতিকাৰ মুখাৰ্জীয়ে ল’ৰাজনক দুদিনৰ বাবে ফুৰিবলৈ যাবলৈ কয়। ল’ৰাজনে জনায় যে তেওঁ ব্লগিং কৰিবলৈ যাব। মুখাৰ্জীয়েও সন্মতি দিয়ে।

কথামতেই কাম; পিছদিনা পুৱাই এটি পাহাৰীয়া বাটেৰে নিজৰ স্কুটীখন লৈ যাত্ৰা কৰে ল’ৰাজনে। বাটত তেওঁ এজন বাবাক ঠিকনা সোধে। বাবাজনে তেওঁক দুআষাৰমান কথা কৈ পথ প্ৰদৰ্শন কৰিম বুলি স্কুটীত উঠি পৰে। যাওঁতে তেওঁ গীত গায়— “অ পখী ৰৈয়া যা–”। এই দৃশ্যাংশটোৱে ‘স্বদেশ’ ছবিখনৰ “য়ুহী চ্চল্লা চ্চল ৰাহী” গীতটোৰ দৃশ্যাংশলৈ মনত পেলাই দিয়ে। দুয়োখন ছবিৰ মাজত এই দৃশ্যাংশৰ সাদৃশ্য আছে।

ল’ৰাজন গৈ পাহাৰ-জংঘলৰ মাজৰ এটি টঙীঘৰ সদৃশ ঘৰত উঠেগৈ। তেতিয়ালৈ নিশা নামে। হঠাত্‍ তালৈ হাতত লেম্প এটি লৈ ৰাজু ৰয়ৰ প্ৰৱেশ ঘটে; মুখত জুবিন গাৰ্গৰ গীতৰ কলি। লেম্পটো ল’ৰাজনক দি তেওঁ ভিতৰত থকা হাৰমনিয়ামখন বজাবলৈ আৰম্ভ কৰে। ইফালে ল’ৰাজনে ৰাজু ৰয়ৰ সৈতে ব্লগিং আৰম্ভ কৰে। প্ৰশ্নোত্তৰৰ শেষত ভাগৰি পৰা ৰাজু ৰয়ক পানী দিবলৈ যোৱা অভিজিতে ঘূৰি আহি ভিতৰত সিদ্ধাৰ্থ মুখাৰ্জীকহে দেখা পায়। ইফালে ব্লগিঙৰ কেমেৰাত ৰাজু ৰয়ৰ সৈতে বাৰ্তালাপৰ কোনো ৰেকৰ্ডিঙেই উপলব্ধ নাছিল। পৰৱৰ্তী সময়ত কি হয় আৰু তেওঁলোকে কি আৱিষ্কাৰ কৰে, তাকে লৈয়েই ছবিখন।

ছবিখনত জুবিন গাৰ্গৰ গীতৰ কলিৰ ব্যৱহাৰ অতি সুন্দৰকৈ কৰা হৈছে। ছবিখনৰ আৰম্ভণি চালে ই কোন দিশে গতি কৰি আছে তাৰ উমান পোৱা নাযায়। অৰ্থাৎ আৰম্ভণিৰে পৰা তেনে উৎকণ্ঠা নাথাকিলেও পৰৱৰ্তী সময়ত ই ক্ৰমান্বয়ে ৰহস্য আৰু শোক কঢ়িয়াই আনে। ছবিৰ মুখ্য বিষয়বস্তু আৰু উপস্থাপন শৈলী শলাগনীয়। পৰিচালক শৰ্মা এইক্ষেত্ৰত প্ৰশংসাৰ পাত্ৰ।

মুখ্য চৰিত্ৰ কেইটাত অভিনয় কৰা সিদ্ধাৰ্থ মুখাৰ্জী, ৰাজু ৰয় আৰু অভিজিত গেৰুৱানৰ অভিনয় অতি সাৱলীল। আপুনি যদি এগৰাকী জুবিন প্ৰেমী, তেন্তে আপুনি এই ২৬ মিনিট দৈৰ্ঘ্যৰ ছবিখন নিশ্চয়কৈ চাওক। আপুনি হতাশ নহয়।

ই-মেইল: [email protected]

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd