• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰামসেনা’ এক পাবত গজা, চৰকাৰে নিজাকৈ জন্ম দিয়া সংগঠন : প্ৰদীপ কলিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2018 4:53 pm
IMG-20181025-WA0057

বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰামসেনা’ এটা পাবত গজা তথা চৰকাৰে নিজাকৈ জন্ম দিয়া এক সংগঠন।‘ বৃহস্পতিবাৰে দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই।

তেওঁ লগতে কয়, ‘বিজেপি আৰু আৰএছএছে ৰাতিটোৰ ভিতৰতে এটা এটা সংগঠনৰ জন্ম দিয়ে। ৰামসেনা নামৰ সংগঠনটোও বিজেপিয়ে ৰাতিটোৰ ভিতৰতে জন্ম দিয়া আৰু এই সংগঠনটোৰ হতুৱাই কৃষক নেতা অখিল গগৈ, জীতেন দত্ত আৰু আজিজুৰ ৰহমানৰ বিৰুদ্ধে গোচৰ দিছে।‘

Apply Now

তদুপৰি আজিৰ বাতৰি কাকততহে ‘ৰাম সেনা’ নামৰ সংগঠনটোৰ নাম শুনা বুলি তেওঁ কয়।

আনহাতে, প্ৰতিবাদী কন্ঠসমূহ বন্ধ কৰিবৰ বাবে বিজেপি আৰু আৰ এছ এছে এনেধৰণৰ সংগঠনসমূহৰ জন্ম দিছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

কৃষক শ্ৰমিক পৰিষদৰ সভাপতিগৰাকীয়ে ৰাম সেনা নামৰ তথাকথিত সংগঠনটোক সকীয়াই দি কয়, ‘যদি আপোনালোকে অসম বিৰোধী আচৰণ কৰে, আপোনালোককো আমি অসমত সুখেৰে থাকিবলৈ নিদিওঁ।‘

আনহাতে, সেই একেখন সংবাদমেলতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ‘চৰ চাপৰি অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা’ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰে প্ৰদীপ কলিতাই।

তেওঁ ৰঞ্জিত দাসক উদ্দেশ্যি কয়, ‘তেওঁ অন্ধ নেকি? উজনি অসমত অলিয়ে গলিয়ে অসমৰ ৰাইজে বন্ধটো পালন কৰিছে, সেইটো তেওঁ নেদেখিলে। তেওঁ কেবল চৰ অঞ্চলৰ কথাহে ক’লে।‘

তেওঁ লগতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক সকীয়াই দি কয়, ‘আপুনি যি-টি মন্তব্য দি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি কৰি ৰক্তাক্ত পৰিবেশৰ সৃষ্টি নকৰিব।‘

তদুপৰি মিত্ৰজোঁটত থকা অসম গণ পৰিষদকো অতি সোনকালে মিত্ৰতা ত্যাগ কৰিবৰ বাবে উক্ত সংবাদমেলৰ জৰিয়তে তেওঁ আহ্বান জনায়।

তেওঁ কয়, ‘অগপই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে মিত্ৰতাৰ পৰা  ওলাই আহিম বুলি কৈছে। কিন্তু তেওঁলোকে বুজা উচিত ৰোগী এগৰাকীৰ মৃত্যু হ’লে চিকিৎসকৰ হতুৱাই চিকিৎসা কৰাই লাভ নাই।‘

সেয়েহে নাটক নকৰি অগপ দলে অতি সোনকালে মিত্ৰতা ভংগ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, বিতৰ্কিত বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে পানবজাৰ থানা, হোজাই থানা আৰু দিচপুৰ থানাত ভিন্ন ভিন্নকৈ তিনিটা গোচৰ ৰুজু কৰাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে কলিতাই।

লক্ষণীয় কথা যে, অহা ৬ নৱেম্বৰৰ পৰা কৃষক শ্ৰমিক উন্নয়ন পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত গুৱাহাটীৰ চচলত অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব।

উক্ত অনশন কাৰ্য্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ , সদৌ অসম জাতীয়তাবাদী উন্নয়ন পৰিষদ, কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ লগতে অন্য কেইবাটাও সংগঠনে সহযোগিতা কৰিব বুলি সংবাদমেলত কলিতাই জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd