• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডলু চাহ বাগিছাৰ মাটিত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা শ্ৰমিকৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 27, 2022 11:25 am
Airport on Dolu tea garden
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকাৰ শিলচৰৰ নিচেই কাষত অৱস্থিত ডলু চাহ বাগিছাৰ মইনাগড় সংমণ্ডলত ৰাজ্য চৰকাৰে ৮০০ একৰতকৈ অধিক ভূমিত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ বাবে যো-জা চলাইছে।

প্ৰাপ্ত তথ্য অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উক্ত ভূমিত বিমানবন্দৰ নিৰ্মাণ কৰিব বুলি কেন্দ্ৰলৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

Apply Now

ইয়াক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বাগানত কৰ্মৰত দুই সহস্ৰাধিক শ্ৰমিকে। বাগানৰ মালিক আৰু কিছু সংগঠনে চৰকাৰৰ সৈতে মিলি চাহ বাগিছাৰ চাহ গছ থকা ভূমিত বিমান বন্দৰ নিৰ্মাণৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে বাগানত কৰ্মৰত শ্ৰমিকসকলে।

বিমান বন্দৰ নিৰ্মাণ হ’লে বাগানত কৰ্মৰত প্ৰায় দুহেজাৰ শ্ৰমিক কৰ্ম সংস্থাপন হেৰুওৱাৰ আশংকাত ভুগিছে। বাগান কতৃপক্ষই শ্ৰমিক সকলক ক্ষতিপূৰণ, বকেয়াৰ লগতে অন্য স্থানত সংস্থাপন দিয়া হ’ব বুলি আশ্বাস দিছে যদিও বৰ্তমানলৈকে তেওঁলোক সৈমান হোৱা নাই।

যোৱা ১৯ এপ্ৰিলত কাছাৰ জিলা প্ৰশাসন, ৰাজহ চক্ৰ বিষয়া, আৰক্ষী আৰু বাগানৰ মালিকে বিমান বন্দৰ নিৰ্মাণৰ বাবে সীমা নিৰ্দ্ধাৰণ কৰিবলৈ ডলু চাহ বাগিছাৰ মইনাগড় সংমণ্ডলত উপস্থিত হৈ সীমা নিৰ্দ্ধাৰণৰ বাবে খুঁটিও পুতিছিল।

তেনে সময়তে উক্ত স্থানত বাগানত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিক উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। বাগানৰ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ কৰাৰ ফলত উক্ত স্থানৰ পৰা প্ৰশাসনৰ লোক উভটি যাবলৈ বাধ্য হয়।

ইপিনে, চাহ বাগিছাৰ ভূমিৰ বিপৰীতে চাহগছ নথকা অন্য কোনো খালী স্থানতহে বিমানবন্দৰ স্থাপনৰ দাবী জনায়। প্ৰাপ্ত তথ্য অনুসৰি শিলচৰৰ কুম্ভীৰগ্ৰামত থকা বিমান বন্দৰৰ কাষৰীয়া অঞ্চলত চৰকাৰে ইচ্ছা কৰিলে সীমা বহলাব পাৰে যদিও সেয়া নকৰি বিমান বন্দৰৰ পৰা ১৫ কি:মি দূৰতহে গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে যো-জা কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে শ্ৰমিকসকল।

চি আই টি ইউ, আই.এম.টি.এছ.ই, বি.এম.এছ নামৰ তিনিটা সংগঠন মইনাগড় সংমণ্ডলত বিমান বন্দৰ স্থাপনৰ ক্ষেত্ৰত প্ৰশাসনৰ পক্ষত থকা বুলি খবৰ ওলাইছে। ওপৰোক্ত সংগঠন কেইটাই শ্ৰমিকৰ বিপৰীতে মালিকৰ লগতহে সু-সম্পৰ্ক বজাই ৰাখে বুলি অভিযোগ উত্থাপিত হৈছে।

ইপিনে, অসম মজুৰি শ্ৰমিক ইউনিয়ন প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলৰ পক্ষত থকা বুলি জানিব পৰা গৈছে। তেওঁলোকেও ডলু চাহবাগিছাৰ মইনাগড় সংমণ্ডলৰ ভূমিত বিমানবন্দৰ স্থাপনৰ বিৰোধিতা কৰিছে।

প্ৰতিবাদকাৰী শ্ৰমিকসকলৰ দাবী মানি নল’লে তেওঁলোকে প্ৰতিবাদ অধিক উত্তপ্ত কৰাৰ হুংকাৰ দিছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd