• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াক ধমকি দিয়া এপেক্স বেংকৰ বিষয়াক জৱাবদিহি কৰিলে লাচিত সেনাই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 4, 2020 9:11 pm

2 min read

7.5k
VIEWS
Share on FacebookShare on Twitter

পাণবজাৰৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালক শশাংক শেখৰ শাস্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অসমীয়াক জাতিক সাঙুৰি অপমানসূচক মন্তব্য কৰাৰ অভিযোগ।

বেংকটোত কৰ্মৰত বিষয়া-কৰ্মচাৰীক অসমীয়া মানুহ বদমাছ বুলি গালি-শপনি পৰা বুলি শাস্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল।

সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতে আজি বীৰ লাচিত সেনা অসমৰ সদস্য সচিব শৃংখল চলিহাৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে ঘেৰাও কৰি জবাবদিহি কৰে বেংকটোৰ পৰিচালন সঞ্চালকগৰাকীক।

প্ৰায় ৪৫ মিনিট জুৰি তেওঁক জবাবদিহি কৰাৰ পাছত ক্ষমা খুজিবলৈ বাধ্য হয় শাস্ত্ৰী।

অৱশ্যে প্ৰথম অৱস্থাত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ মিছা বুলি কৈছিল যদিও পাছত ক্ষমা খুজিবলৈ বাধ্য হয়।

“জানি-বুজি বা অজানিতে মুখৰ পৰা কিবা আপত্তিজনক শব্দ ওলাল। তাৰ বাবে মই ক্ষমা বিচাৰিছো, ছ’ৰি।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় শাস্ত্ৰীয়ে।

পৰিচালন সঞ্চালকক জবাবদিহি কৰাৰ পাছত অসমীয়া বিষয়া-কৰ্মচাৰীক দম দিয়াটো সহ্য কৰা নহ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ।

“বীৰ লাচিত সেনা অসম থকালৈকে অসমীয়া সত্তাক অপমান কৰি কথা কোৱাটো কেতিয়াও মানি লোৱা নহ’ব। বীৰ লাচিত সেনাৰ প্ৰত্যেক সেনা জাতিৰ কাৰণে চুড়ান্ত ত্যাগ কৰিবলৈ প্ৰস্তুত।তেওঁ মাফ খুজিছে, মাফ নোখোজা হেঁতেন এপেক্স বেংক বন্ধ কৰি দিয়া হ’লহেঁতেন” শৃংখলে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

উল্লেখযোগ্য যে, কালি এক পত্ৰৰ যোগে এপেক্স বেংক বিষয়া কৰ্মচাৰী সন্থাই ৪৮ ঘন্টাৰ ভিতৰত লিখিত ক্ষমা খুজিবলৈ পৰিচালন সঞ্চালকগৰাকীক দাবী জনাইছিল।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd