সোমবাৰে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত লেহত এক বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ লগতে কাৰ্গিলত সৰ্বাত্মক বন্ধ পালন কৰা হয়। লেহ এপেক্স বডী আৰু কাৰ্গিল ডেম‘ক্ৰেটিক এলায়েন্সৰ আহ্বানত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ স্থানীয় লোকে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ দাবী সাব্যস্ত কৰে। জলবায়ু কৰ্মী সোণম ৱাংচুকক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ মাত্ৰ দুদিন পিছতেই এই বৃহৎ প্ৰতিবাদৰ আয়োজন কৰা হৈছে। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছে যে লাডাখবাসীৰ সংগ্ৰাম এতিয়াও শেষ হোৱা নাই।
পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাজাৰ হাজাৰ লোকে লেহৰ ছিংগে নামগিয়াল চ‘কৰ পৰা প‘ল‘ গ্ৰাউণ্ডলৈ এই সমদল বাহিৰ কৰে। সমদলকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ “আমাৰ ষষ্ঠ অনুসূচী লাগে”, “আমাৰ ৰাজ্যৰ মৰ্যাদা লাগে” আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে, কাৰ্গিল আৰু দ্ৰাছ অঞ্চলত দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হয়। প্ৰশাসনৰ তৰফৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।
কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছতেই এই প্ৰতিবাদৰ সূত্ৰপাত ঘটে। যোৱা ২৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে লেহত হোৱা প্ৰতিবাদত আৰক্ষীৰ গুলীচালনাত ৪ জন লোকৰ মৃত্যু হোৱা আৰু ৮০ জনৰো অধিক লোক আহত হোৱাৰ পিছত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ গণ-সমদল। সেই সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সোণম ৱাংচুকক যোৱা শনিবাৰে মুকলি কৰি দিয়া হয়। পিছে প্ৰতিবাদকাৰী সংগঠনসমূহে স্পষ্ট কৰি দিছে যে এয়া এক অসম্পূৰ্ণ পদক্ষেপ আৰু তেওঁলোকৰ মূল দাবীসমূহ পূৰণ নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব।
লাডাখবাসীৰ মূল চাৰিটা দাবী হৈছে— লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান, সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত সুৰক্ষা, স্থানীয় যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ সংৰক্ষণ আৰু লেহ তথা কাৰ্গিলৰ বাবে পৃথক সংসদীয় সমষ্টিৰ গঠন। ইয়াৰ উপৰিও যোৱা ছেপ্টেম্বৰৰ হিংসাত্মক ঘটনাত গ্ৰেপ্তাৰ হোৱা আন দুজন জ্যেষ্ঠ নেতাক মুক্তি দিয়া, প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰসমূহ প্ৰত্যাহাৰ কৰা আৰু আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ ফলাফল শীঘ্ৰে ৰাজহুৱা কৰাৰো দাবী জনোৱা হৈছে।
প্ৰতিবাদৰ সময়ত লেহ এপেক্স বডীৰ সহ-সভাপতি চেৰিং দৰ্জেয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ আৱেগক সন্মান জনোৱা উচিত আৰু অতি সোনকালে লাডাখৰ প্ৰতিনিধিসকলৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰা উচিত। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাক কঠোৰ ভাষাৰে সমালোচনা কৰি কাৰ্গিল ডেম‘ক্ৰেটিক এলায়েন্সৰ সহ-সভাপতি আছগৰ আলী কাৰবালায়ে কয় যে তেওঁলোকৰ ধৈৰ্যৰ বান্ধ ছিগি গৈছে। ভাৰত চৰকাৰক সকীয়াই দি তেওঁ কয় যে লাডাখৰ জনসাধাৰণ নিমাত হৈ বহি নাথাকে আৰু নিজৰ সাংবিধানিক অধিকাৰৰ বাবে এই যুঁজ নিৰন্তৰভাৱে চলাই যাব।





