• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মঙলদৈ মহাবিদ্যালয়ৰ বিতৰ্কিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , May 6, 2020 8:23 pm

2 min read

মঙলদৈ মহাবিদ্যালয়ৰ বিতৰ্কিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ
854
VIEWS
Share on FacebookShare on Twitter

অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰায়ে ফে’চবুকত বিতৰ্কিত মন্তব্য দি অহা মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপাৰাণী ভূঞা।

প্ৰবক্তা গৰাকীক আজি মঙলদৈ আৰক্ষীয়ে কৰ্তব্যৰত আৰক্ষীক কামত বাধা দিয়া আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে বিভিন্ন সময়ত ফে’চবুকত সাম্প্ৰদায়িক মন্তব্য দি অহা ৰূপাৰাণী ভূঞাই কিছুদিন পূৰ্বে কিংবদন্তি সাহিত্যিক চৈয়দ আব্দুল মালিকৰ সন্দৰ্ভত ফে’চবুকত বিতৰ্কিত প’ষ্ট দিছিল।

উক্ত প’ষ্টৰ বাবে বহুকেইটা সংগঠনে দাখিল কৰা এজাহাৰৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে মঙলদৈ থানাত ৰুজু হৈ আছে তিনিটাকৈ গোচৰ।

উক্ত গোচৰ কেইটা সম্দৰ্ভত সোধা-পোচাৰ ভূঞাক মঙলদৈ আৰক্ষী থানাৰ মহিলা কোষৰ উপ পৰিদৰ্শক টুইংকল গোস্বামীৰ আগত হাজিৰ হ’বলৈ কোৱা হৈছিল।

কিন্তু তদন্তত আৰক্ষী বিষয়া গৰাকীক সহযোগ কৰাৰ বিপৰীতে প্ৰবক্তা গৰাকীয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি এক উচ্ছৃংখল পৰিৱেশহে সৃষ্টি কৰে বুলি মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই জনায়।

পিছত উপ পৰিদৰ্শক গোস্বামীৰ এখন এজাহাৰৰ ভিত্তিত ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/২৯৪ আৰু ৫০৬ ধাৰাৰ অধীনত ২৬৪/২০২০ নম্বৰৰ এক গোচৰ কৰা হয়।

ইয়াৰ পিছতে প্ৰবক্তা গৰাকীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ লৈ যোৱা হয় বুলি নিৰঞ্জন বৰুৱাই জানিবলৈ দিয়ে।

বৰুৱাই জনোৱা মতে মঙলদৈ আৰক্ষী থানাত ভূঞাৰ বিৰুদ্ধে ইতিপূৰ্বে তথ্য প্ৰযুক্তি আইন(IT act)ৰ অধীনত ২২৫/২০২০, ২৩৬/২০২০ আৰু ২৪১/২০২০ নম্বৰৰ তিনিটা গোচৰ ৰুজু হৈ আছে।

লগতে পঢ়ক প্ৰয়াত কবি চৈয়দ আব্দুল মালিকক মোগলৰ প্ৰেমিক সজোৱা ৰূপা ৰাণী ভূঞাৰ বিৰুদ্ধে গোচৰ

Recent News

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

DwjFNkjVAAIIlm3-750x375

অৱশেষত জল্পনা-কল্পনাৰ অৱসান : প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd