দেওবাৰে পুৱাই শোকস্তব্ধ হৈ পৰিল সংগীতৰ জগতখন। কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ঘটিছে। মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত আশাই শেষ নিশ্বাস ত্য়াগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিল।
শনিবাৰে (১১ এপ্ৰিল) সন্ধিয়া বুকুৰ সংক্ৰমণত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেক। জৰুৰীকালীন কেয়াৰ ইউনিটত তেওঁক তীক্ষ্ণ পৰ্যবেক্ষণত ৰখা হৈছিল। চিকিৎসালয়লৈ অনাৰ পিছত চিকিৎসকে কৈছিল যে আশা ভোছলেৰ শাৰীৰিক অৱস্থা যথেষ্ট সংকটজনক।
সোনকালে তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হ’ল। কিন্তু, সুস্থ হৈ উভতিব নোৱাৰিলে। আশা ভোছলে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবাদপ্ৰতীম কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ লগে লগে সংগীতৰ এটা যুগৰ অন্ত পৰিল। চিনেমা জগতৰ পৰা সংগীত জগতলৈ বিয়পি পৰিল এক শোকৰ ছাঁ। আশা ভোছলে চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ যেতিয়া প্ৰথম পোহৰলৈ আহিছিল, তেতিয়া কাৰ্ডিয়াক এৰেষ্টত আক্ৰান্ত হোৱাৰ বাবে তেওঁক ভৰ্তি কৰা বুলি খবৰ আহিছিল।
কিন্তু তেওঁৰ নাতিনী জানাই ভোছলেই ছচিয়েল মিডিয়াত এটা আপডেট দিয়ে। এক্স হেণ্ডেলত লিখিছে, “ক্লান্তি আৰু বুকুৰ সংক্ৰমণৰ বাবে মোৰ আইতা আশা ভোছলে চিকিৎসালয়ত ভৰ্তি হৈছে। আমি আপোনালোকক অনুৰোধ কৰিছো যে আমাৰ গোপনীয়তাক সন্মান কৰক। চিকিৎসা চলি আছে। আশাকৰোঁ সকলো ঠিক হৈ যাব। পৰৱৰ্তী সময়ত কি হয় আমি আপোনালোকক জনাম।”
আশা ভোছলেক সন্ধিয়া প্ৰায় ৭:৩০ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমক জনাইছিল যে শিল্পীগৰাকীয়ে গৃহকৰ্মীগৰাকীক শৰীৰৰ অস্বস্তি আৰু মূৰৰ বিষৰ কথা কোৱাৰ সময়তে অসুস্থ হৈ পৰিছিল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ অনা হয়।





