ৰাজ্যসভাত সভাপতিত্ব কৰিলে কিংবদন্তি ভাৰতীয় ক্ৰীড়াবিদ পিটি ঊষাই। বৃহস্পতিবাৰে উপ ৰাজ্যপাল জগদীপ ধনকৰ ৰাজ্যসভাত উপস্থিত নাছিল। তেওঁৰ স্থানত সভাপতিত্বৰ দায়িত্ব দিয়া হৈছিল পিটি ঊষাক। বিজেপি সাংসদগৰাকীয়ে তেওঁৰ কামৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে। কিংবদন্তি ভাৰতীয় দৌৰবিদগৰাকী এনেদৰে আৰু অধিক মাইলষ্টোন গঢ়বিলৈ আশাবাদী।
ৰাজ্যসভাৰ এটা ভিডিঅ’ টুইট কৰি পি টি ঊষাই লিখিছে, “ফ্ৰেংকলিন ৰুজভেল্টে কৈছিল যে ক্ষমতা অৰ্জনৰ সৈতে দায়িত্ববোধ জড়িত থাকে। ৰাজ্যসভাৰ সভাপতিৰ আসনত বহি মই সেইটো ভালদৰে বুজিব পাৰিছো। মই আশা কৰোঁ যে আগন্তুক দিনবোৰত আৰু বহুতো মাইলষ্টোন গঢ়িবলৈ সক্ষম হ’ম। জনসাধাৰণৰ ওপৰত আস্থা ৰাখি এই পথত আগবাঢ়িব বিচাৰো।”
ভিডিঅ’টো মুকলি হোৱাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে ভাৰতীয় খেলুৱৈগৰাকীক অভিনন্দন বাৰ্তাৰে উপচাই দিয়ে। এজন নেটিজেনে মন্তব্য কৰিছে, “আপুনি আগতে বহুতো মাইলষ্টোন স্পৰ্শ কৰিছে। আশা কৰোঁ আপুনি এনেদৰে বহুতো অভিলেখ স্থাপন কৰিব।‘’
"Great power involves great responsibility" as said by Franklin D. Roosevelt was felt by me when I chaired the Rajya Sabha session. I hope to create milestones as I undertake this journey with the trust and faith vested in me by my people.
🎥 @sansad_tv pic.twitter.com/bR8wKlOf21— P.T. USHA (@PTUshaOfficial) February 9, 2023
আন কোনোবাই কৈছে, “আপুনি ভাৰতীয় ছোৱালীসকলৰ বাবে অনুপ্ৰেৰণা। ভাৰতীয় হিচাপে আমি আপোনাক লৈ গৌৰৱান্বিত।”
পি টি ঊষাক ২০২২ চনৰ জুলাইত ৰাজ্যসভাত বিজেপিৰ সাংসদ হিচাপে মনোনীত কৰা হৈছিল। তেওঁ নৱেম্বৰত ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নিৰ্বাচিত হৈছিল। ডিচেম্বৰত তেওঁক ৰাজ্যসভাৰ উপাধ্যক্ষৰ পেনেলত অন্তৰ্ভুক্ত কৰা হয়। পি টি ঊষা ৰাজ্যসভাৰ প্ৰথম মনোনীত সদস্য আছিল যাক পেনেলত অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰথমবাৰৰ বাবে তেওঁ ৰাজ্যসভাৰ কাৰ্যক্ৰম পৰিচালনা কৰিলে।