NORTHEAST NOW (Assamese)

নিজৰ ইচ্ছানুসাৰে কন্যাসকলক জীয়াই থাকিবলৈ দিয়ক: চৰ্চাত মিছ ইউনিভাৰ্ছ হাৰনাজ সান্ধু

March 28, 2022 6:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 28, 2022 6:50 pm

শেহতীয়াকৈ দেশজুৰি উত্তাল হৈ থকা হিজাব বিতৰ্কত কিয় কেৱল ছোৱালীক লক্ষ্য কৰি লোৱা হৈছে?- এই প্ৰশ্ন উত্থাপন কৰিছে ২০২১ বৰ্ষৰ মিছ ইউনিভাৰ্ছ হাৰনাজ চান্ধুৱে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মিছ ইউনিভাৰ্ছগৰাকীয়ে কয় যে ছোৱালীয়ে কি পিন্ধিব, সেয়া তেওঁলোকৰ নিজৰ ইচ্ছাৰ কথা।

মিছ ইউনিভাৰ্ছগৰাকীৰ এই মন্তব্যৰ ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে। যোৱা ১৭ মাৰ্চৰ এটা অনুষ্ঠানত তেওঁ এই মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত দেখা পোৱা মতে, সমাজৰ বিভিন্ন বিষয়ত কেৱল ছোৱালীক লক্ষ্য কৰি লোৱাৰ ওপৰতো মিছ ইউনিভাৰ্ছগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

তেওঁ কয় যে ছোৱালীবিলাকক নিজৰ মতে থাকিবলৈ দিয়া উচিত। আনকি হিজাব নিষিদ্ধৰ বিষয়টোতো তেওঁক কিয় সুধা হৈছে বুলি প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধ কৰিছে।

বিষয়টো লৈ দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে মিছ ইউনিভাৰ্ছগৰাকীৰ এই মন্তব্যই ব্যাপক তাৎপৰ্য বহন কৰিছে।

পোনপটীয়াকৈ উত্তৰ নিদি কৌশলী মন্তব্যৰে তেওঁ নিজৰ প্ৰগতিশীল মনোভাৱৰ পৰিচয় দিয়া বুলি ক’ব পাৰি।

Related News