• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধ হ’ব LIC! ছচিয়েল মিডিয়াৰ গুজৱক লৈ কি ক’লে কৰ্তৃপক্ষই?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 12, 2019 2:57 pm

2 min read

1200px-Life_Insurance_Corporation_of_India_(logo).svg
43.1k
VIEWS
Share on FacebookShare on Twitter

বন্ধ হ’ব নেকি ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ এল আই চি? কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এনে শংকাৰ খবৰ। এনে খবৰে বহুতৰে নিদ্ৰা হৰণ কৰি নিছিল।

কিন্তু এই সকলো প্ৰচাৰ ভুৱা আৰু কাল্পনিক বুলি কৈ গ্ৰাহকক শংকিত নহ’বলৈ আহ্বান জনাইছে এল আই চি কৰ্তৃপক্ষই।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে খবৰৰ কোনো সত্যতা নাই বুলি দাবী কৰিছে এল আই চিয়ে।

দেশৰ লক্ষ লক্ষ লোকে জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত এল আই চিৰ ওপৰত ভৰসা কৰি আহিছে। সেয়েহে,সময় যোৱাৰ লগে লগে গ্ৰাহকৰ সংখ্যাও দ্ৰুতভাৱে বৃদ্ধি পাইছে।

ইয়াৰ মাজতে হঠাতে বহুতৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থাৰ সৃষ্টি হয়। কিয়নো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এক খবৰ।

এই খবৰত উল্লেখ কৰা হৈছিল যে LICৰ আৰ্থিক অৱস্থা অতি বেয়া আৰু ডুবিবলৈ ধৰিছে। বীমাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পূৰ্বে জমা থোৱা ধন হেৰুওৱাৰ শংকাই বহু গ্ৰাহকৰ মনত দোলা দি যায়।

বুধবাৰে ভাৰতীয় জীৱন বীমা নিগমৰ ফালৰ পৰা বিবৃতি জাৰি কৰি এই সন্দৰ্ভত বিষয়টো স্পষ্ট কৰি দিয়া হৈছে। ইয়াত কোৱা হৈছে যে  ছচিয়েল মিডিয়াত ভাইৰেল হোৱাএই সকলোবোৰ খবৰ এক ভুৱা প্ৰচাৰ আৰু ইয়াৰ কোনো সত্যতা নাই।

জীৱন বীমা নিগমৰ ফালৰ পৰা লগতে জনোৱা হয় যে পলিচি হোল্ডাৰসকলৰ জমা ধন সম্পূৰ্ণ সুৰক্ষিত আছে। ইয়াত যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকৰ ধন কোনো কাৰণতে হেৰুৱাব লগা নহয়।

গ্ৰাহকে যি যি আঁচনিত ধন জমা কৰিছে সেয়া নিৰ্দিষ্ট সময়ত ঘুৰাই পাবই।

তদুপৰি, এল আই চিয়ে দাবী কৰা মতে, ২০১৮-১৯ বিত্তীয় বৰ্ষত গ্ৰাহকক সৰ্বাধিক ৫০,০০০ কোটি টকাৰ বোনাছ দিছে কোম্পানীটোৱে। পলিচি বজাৰত এল আই চিৰ শ্বেয়াৰ ৩১ আগষ্ট পৰ্যন্ত ৭২.৮৪ শতাংশৰ পৰা ৭৩.০৬ শতাংশলৈ বৃদ্ধি পাইছে।

এল আই চি কৰ্তৃপক্ষৰ পৰা প্ৰকাশ কৰা শেহতীয়া বিবৃতিয়ে ইয়াৰ গ্ৰাহকসকলৰ মনত পুনৰ আশাৰ সঞ্চাৰ কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd