কেন্দ্রই নতুন বছৰত যান-বাহন আইন আৰু অধিক কটকটীয়া কৰিছে৷ যদি কোনো চালকে এবছৰত পাঁচটা বা তাতকৈ অধিক যান-বাহন আইন উলংঘা কৰে তেন্তে তেওঁৰ ড্ৰাইভিং লাইচেন্স সাময়িকভাৱে বাতিল হ’ব পাৰে।
নতুনকৈ সংশোধিত মটৰ গাড়ী আইনত (মটৰ ভেহিকল ৰুলচ) এনে ব্যৱস্থা কাৰ্যকৰী হৈছে। বুধবাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি ১ জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হৈছে। কিন্তু এই হিচাপত পূৰ্বৰ বছৰৰ কোনো অপৰাধৰ হিচাপ কৰা নহ’ব। এবছৰৰ ভিতৰত পঞ্জীয়ন কৰা যান-বাহন আইন উলংঘাহে হিচাপত আহিব।
নতুন নিয়ম অনুসৰি সংশ্লিষ্ট ব্যক্তিজনে যদি এবছৰত মটৰ গাড়ী আইনৰ কমেও পাঁচটা ধাৰা উলংঘা কৰাত দোষী সাব্যস্ত হয় তেন্তে তেওঁক ড্ৰাইভিং লাইচেন্স ৰখাৰ অযোগ্য বুলি গণ্য কৰা হ’ব। তেনে ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই সিদ্ধান্ত ল’ব কিমান দিনলৈ অনুজ্ঞাপত্ৰ স্থগিত ৰখা হ’ব। অৱশ্যে অনুজ্ঞাপত্ৰ বাতিল বা স্থগিত ৰখাৰ পূৰ্বে চালকজনক নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ দিব লাগিব বুলিও অধিসূচনাত স্পষ্টকৈ উল্লেখ আছে।
কেন্দ্ৰীয় বিষয়াসকলৰ মতে, এই পদক্ষেপৰ মূল লক্ষ্য হৈছে অভ্যাসগত যান-বাহন উলংঘাকাৰীক ৰোধ কৰা আৰু পথ সুৰক্ষা বৃদ্ধি কৰা।
কোনবোৰ অপৰাধ ধৰা পৰিব? বৰ্তমান মুঠ ২৪টা যান-বাহন অপৰাধ তালিকাভুক্ত কৰা হৈছে। যদি ইয়াৰে যিকোনো পাঁচটা এবছৰৰ ভিতৰত উলংঘা কৰা হয় তেন্তে অনুজ্ঞাপত্ৰ নিলম্বনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। ইয়াৰ ভিতৰত আছে – বেগেৰে চলোৱা, হেলমেট বা ছিটবেল্ট নিপিন্ধা, ট্ৰেফিক চিগনেল অমান্য কৰা, ৰাজহুৱা পথত অবৈধভাৱে পাৰ্কিং কৰা, অতিৰিক্ত বোজা কঢ়িয়াই নিয়া, গাড়ী চুৰি, সহযাত্ৰীৰ সৈতে হিংসাত্মক আচৰণ ইত্যাদি। অৰ্থাৎ সৰু সুৰা অপৰাধৰ সংমিশ্ৰণ হ’লেও সংখ্যাটো পাঁচ হ’লেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
আঞ্চলিক পৰিবহণ কাৰ্যালয় (আৰ টি অ’) বা জিলা পৰিবহণ কাৰ্যালয়ে (ডি টি অ’) অনুজ্ঞাপত্ৰ স্থগিত কৰিব নে নাই আৰু কিমান দিনৰ বাবে কৰিব সেয়া সিদ্ধান্ত ল’ব। আগতে সাধাৰণতে অনুজ্ঞাপত্ৰখন পৰ্যায়ক্ৰমে তিনিমাহ, ছমাহ বা এবছৰৰ বাবে বাতিল কৰা হৈছিল আৰু বহুক্ষেত্ৰত বাৰে বাৰে কাগজত চালান কটাৰ পিছত কৰা হৈছিল। নতুন ব্যৱস্থাত অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ ই-চালানেই যথেষ্ট।
আৰক্ষী বিষয়াসকলৰ মতে এই নিয়মে বাৰে বাৰে উলংঘা কৰাৰ সুযোগ প্ৰায় নাইকিয়া কৰিব। কিন্তু তেওঁলোকে সকীয়াই দিয়ে যে স্পষ্ট মানক পৰিচালনা পদ্ধতি আৰু শক্তিশালী ডিজিটেল আন্তঃগাঁথনিৰ অবিহনে সাধাৰণ চালকসকলে অপ্ৰয়োজনীয় প্ৰশাসনিক চাপৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
যদি টোল বাকী থাকে তেন্তে পৰিসেৱাত বাধা, আৰু টোল নিদিলে বাহনৰ মালিকসকলে ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। কেন্দ্ৰীয় মটৰ গাড়ী (দ্বিতীয় সংশোধনী) নিয়মাৱলী, ২০২৬ অনুসৰি টোলৰ বাকী থাকিলে কেইবাটাও গুৰুত্বপূৰ্ণ সেৱা বন্ধ থাকিব।
যদি টোল নিদিয়ে তেন্তে আন্তঃৰাজ্যিক বাহন চলাচলৰ বাবে ‘নো অবজেশ্যন চাৰ্টিফিকেট’ উপলব্ধ নহ’ব, বাহনৰ ফিটনেছ চাৰ্টিফিকেট নবীকৰণ কৰা নহ’ব আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অনুমতিও বন্ধ কৰা হ’ব।
নতুন নিয়মৰ জৰিয়তে ‘টোল বকেয়া’ৰ সংজ্ঞাও স্পষ্ট কৰা হৈছে। যদিও এখন বাহন টোল প্লাজা পাৰ হৈ যায় আৰু সেই ধন ইলেক্ট্ৰনিকভাৱে কৰ্তন কৰা নহয়, তথাপিও সেই ধনখিনি প্ৰাপ্য বুলি গণ্য কৰা হ’ব। কেন্দ্ৰই দাবী কৰিছে যে এই ব্যৱস্থাৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথত টোল ফাঁকি ৰোধ কৰাটো বহুত সহজ হৈ পৰিব।





