বঙাইগাঁও জিলাৰ সত্ৰ ন্যায়াধীশ সত্যনাথ শৰ্মাৰ আদালতে পিতৃহন্তা আলী হুছেইনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আৰু দহ হাজাৰ টকাৰ অৰ্থদণ্ডৰে দণ্ডিত কৰে ৷
উল্লেখ্য যে বঙাইগাঁও জিলাৰ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত দুৰ্গামাৰীৰ প্ৰয়াত নবাব আলী সেখৰ পুত্ৰ আলী হুছেইনে নিজৰ পিতৃ নবাব আলী সেখক হত্যা কৰাৰ লগতে নিজ মাতৃ আচিতা বিবি আৰু মাহীমাক ইয়াৰবানু বিবিক গুৰুতৰ ভাৱে জখম কৰাৰ অপৰাধত বঙাইগাঁও জিলাৰ সত্ৰ ন্যায়াধীশ সত্যনাথ শৰ্মাৰ আদালতে আলী হুছেইনক দোষী সাব্যস্ত কৰি এই ঐতিহাসিক ৰায়দান দিয়ে ৷
সত্ৰ আদালতে হত্যাৰ অপৰাধত দোষী আলী হুছেইনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ অৰ্থদণ্ডৰে দণ্ডিত কৰাৰ লগতে অৰ্থদণ্ডৰ অনাদায়ে ৩ মাহৰ অতিৰিক্ত কাৰাদণ্ড বিহে ৷
সেইদৰে মাতৃদ্বয়ক ডেগাৰেৰে হানি খুচি গুৰুতৰভাৱে জখম কৰাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬ ধাৰাত ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হেজাৰ টকাৰ অৰ্থদণ্ড তথা অৰ্থদণ্ডৰ অনাদায়ে ২ মাহৰ অতিৰিক্ত কাৰাদণ্ডৰে দণ্ডিত কৰি এক ঐতিহাসিক ৰায় প্ৰদান কৰে৷
বঙাইগাঁও সদৰ থানাৰ গোচৰ নং ১৬৫/২০২০ ত ভাৰতীয় দণ্ডবিধিৰ ৩২৬/৩০২ ধাৰাত পঞ্জীয়নভূক্ত এই ঘটনাৰ গোচৰটোৰ শুকুৰবাৰে হোৱা বিচাৰ প্ৰক্ৰিয়াত সত্ৰ ন্যায়াধীশৰ আদালতে এই চূড়ান্ত ৰায় প্ৰদান কৰে৷
এই গোচৰত চৰকাৰী পক্ষৰ হৈ লোক অধিবক্তা ৰাজেশ কুমাৰ বৰ্মনে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে যুক্তি প্ৰদান কৰিছিল৷