• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

PAN-Aadhar link: আয়কৰ বিভাগৰ কঠোৰ নিয়ম-জৰিমনা; নামানিলে অচল হৈ পৰিব পেন কাৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2022 7:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেন আৰু আধাৰ সংযোগৰ সময়সীমা ২০২২ৰ ৩১ মাৰ্চৰ পৰা ২০২৩ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। ফলত আপোনাৰ পেন কাৰ্যক্ষম হৈ থাকিব যদিও ২০২২-ৰ ১ এপ্ৰিলৰ পিছত আপুনি আধাৰৰ সৈতে পেন সংযোগ কৰাৰ বাবে জৰিমনাও পৰিশোধ কৰিব লাগিব।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ বা চিবিডিটিয়ে যোৱা ২৯ মাৰ্চত এই সন্দৰ্ভত জাননী প্ৰকাশ কৰিছিল।

যদি আপুনি এই বছৰৰ ৩০ জুন বা তাৰ আগতে পেনৰ সৈতে আধাৰ সংযোগ কৰে, আপুনি ৫০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব। একেদৰে, যদি কোনোবাই ১জুলাই বা তাৰ পিছত পেনৰ সৈতে আধাৰ সংযোগ কৰে তেন্তে জৰিমনা হ’ব ১,০০০ টকা। অৱশ্যে ২০২৩ৰ ৩১ মাৰ্চলৈকে পেন আধাৰৰ সৈতে সংযুক্ত নহ’লেও পেন কাৰ্যকৰী হৈ থাকিব।

Apply Now

লগতে পঢ়ক: খহনীয়াত বিধ্বস্ত বিদ্যালয়: এটা কোঠাতে অনুষ্ঠিত চাৰিটাকৈ শ্ৰেণীৰ গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা

চিবিডিটিয়ে জনাইছিল যে যদি ২০২২ৰ ৩১ মাৰ্চলৈকে পেন আৰু আধাৰ সংযোগ কৰা নহয় তেন্তে কৰদাতাই ৫০০ টকাৰ পৰা ১,০০০ টকালৈকে জৰিমনা পৰিশোধ কৰিব লাগিব। চিবিডিটিয়ে যিকোনো ক্ষেত্ৰত কিমান টকা জৰিমনা বিহা হৈছিল তাৰ উল্লেখো কৰিছিল। ১ এপ্ৰিলৰ পৰা ২০২২ৰ  ৩০ জুনলৈকে পৰৱৰ্তী তিনি মাহৰ বাবে জৰিমনা ৫০০ টকা হ’ব। ইয়াৰ পিছত, যদি ২০২৩ৰ ৩১ মাৰ্চলৈকে পেন আৰু আধাৰ সংযোগ কৰা নহয় ১,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব।

চিবিডিটিয়ে লগতে জনাইছে যে ২০২৩ৰ ৩১ মাৰ্চলৈকে আধাৰ পেনৰ সৈতে সংযুক্ত নহ’লেও পেন কাৰ্ডখন নিষ্ক্ৰিয় নহয়। কিন্তু যদি ২০২৩ৰ ৩১ মাৰ্চৰ পিছতো পেনৰ সৈতে আধাৰ সংযোগ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেন্তে পেন কাৰ্ডখন নিষ্ক্ৰিয় কৰা হ’ব। নিষ্ক্ৰিয় পেন সক্ৰিয় কৰিবলৈও জৰিমনা বিহা হৈছে। তেনে ক্ষেত্ৰত আয়কৰ আইনৰ ধাৰা ২৭২-বি-ৰ অধীনত ১০,০০০ টকাৰ জৰিমনা আদায় দিবলগীয়াত পৰিব পাৰে।

লগতে পঢ়ক: ক’ভিডৰ গইনালৈ অসমত বিয়াগোম কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অজাপৰ

পেন-আধাৰ কেনেকৈ লিংক কৰিব? আয়কৰ বিভাগৰ ৱেবছাইটলৈ যাওক। তাত আধাৰ লিংক শাখাত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ, পেন কাৰ্ড নম্বৰ আৰু নাম দিয়ক। তাৰ পিছত লিংক আধাৰ বিকল্পত ক্লিক কৰক। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ আধাৰ-পেন লিংক কৰা হ’ব।  এছএমএছৰ জৰিয়তেও লিংক কৰিব পাৰি। ইয়াৰ বাবে ফোনত ইউআইডিএপিএএন (UIDAPAN) টাইপ কৰক। ইয়াৰ পিছত ১২ টা অংকৰ আধাৰ নম্বৰ দিয়ক। তাৰ পিছত ১০ টা অংকৰ পেন নম্বৰ দিয়ক। ইয়াক 567678 বা 56161 লৈ প্ৰেৰণ কৰক।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd