• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিশ্ব ফুটবলৰ অবিসম্বাদী সম্ৰাট; সপ্তমবাৰলৈ বেলন ডি অ’ৰ পুৰস্কাৰ জিনিলে ফুটবল তাৰকা মেছিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2021 3:36 pm
Lionel Messi wins record seventh men's Ballon d'Or
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে অভিলেখ সংখ্যক সপ্তমবাৰৰ বাবে ফুটবল বিশ্বৰ ব্যক্তিগত শীৰ্ষ পুৰস্কাৰ বেলন ডি অ’ৰ পুৰস্কাৰ বিজয়ী হিচাপে বিবেচিত হৈছে। আনহাতে এলেক্সিয়া পুটেলাছে মহিলাৰ শাখাত বেলন ডি অ’ৰ পুৰস্কাৰ অৰ্জন কৰিছে।

মঙ্গলবাৰে পুৱতিনিশা বেলন ডি অ’ৰ পুৰস্কাৰ বিজয়ীৰ নাম ঘোষণা কৰাৰ পিছতে পুৰস্কাৰ জয়ী মেছিয়ে কয়, “মই বহুত সুখী, সঁচাকৈয়ে বহুত সুখী। মই সঁচাকৈয়ে যুঁজ অব্যাহত ৰাখিব বিচাৰো আৰু নতুন উদ্দেশ্যত উপনীত হ’ব বিচাৰো। মই আৰু কিমান বছৰ খেলিব পাৰোঁ নাজানো কিন্তু মই সঁচাকৈয়ে নিজকে উপভোগ কৰি আছো। মই পেৰিছ, আৰ্জেণ্টিনা আৰু বাৰ্চিলোনাৰত মোৰ দলৰ সতীৰ্থসকলক ধন্যবাদ জনাইছো।”

৩৪ বছৰীয়া তাৰকা খেলুৱৈ গৰাকীয়ে চাৰিবাৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় টুৰ্নামেণ্টৰ ফাইনেলত পৰাজিত হোৱাৰ পিছত এই বৰ্ষৰ জুলাইত আৰ্জেণ্টিনাক কোপা আমেৰিকা জয়ত মুখ্য ভূমিকা লয়। তদুপৰি স্পেনিছ ক্লাৱ বাৰ্চিলোনাৰ হৈ তেওঁ কোপা ডেল ৰে’ জয়ী হয়।

Apply Now

আৰ্জেণ্টাইন তাৰকা গৰাকীয়ে বেলন ডি অ’ৰ লাভৰ পিছত নিকটতম প্ৰতিদ্বন্দী ৰবাৰ্ট লেভানডস্কিকো উজ্জ্বল প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। “ৰবাৰ্ট, আপুনি আপোনাৰ বেলন ডি অ’ৰৰ যোগ্য। যোৱা বছৰ আপুনিয়েই এই বঁটাৰ প্ৰকৃত বিজয়ী আছিল, সকলোৱে একেমুখে এই কথা স্বীকাৰ কৰিছিল” মেছিয়ে কয়।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ বেলন ডি অ’ৰ সন্মান ক’ভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰদান কৰা হোৱা নাছিল।

এইবাৰৰ সৈতে লিঅ’নেল মেছিয়ে সপ্তম বাৰৰ বাবে এই সন্মান লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০০৯, ২০১০, ২০১১ আৰু ২০১২ চনত ক্ৰমাগত চাৰিবাৰ, ২০১৫ আৰু ২০১৯ চনত বেলন ডি অ’ৰ লাভ কৰিছিল।

আনহাতে মহিলাৰ শাখাত ২৭ বছৰীয়া মিডফিল্ডাৰ পুটেলাছে বেলন ডি অ’ৰ লাভ কৰে। পুটেলাছে এই বৰ্ষত বাৰ্চিলোনাক ট্ৰেবল জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সামগ্ৰিক ভাৱে খেলুৱৈ গৰাকীয়ে বৰ্ষটোত ৪২ খন খেলত ২৬ টা গ’ল কৰাৰ লগতে ১৯ টা গলৰ ক্ষেত্ৰত এচিষ্ট কৰে। আগষ্টত তেওঁ উৱেফা মহিলা বৰ্ষৰ খেলুৱৈ হিচাপে মনোনীত হৈছিল।

পেৰিছৰ বঁটা প্ৰদান অনুষ্ঠানত পুটেলাছে কয়, “মই অতি আৱেগিক, এইটো এটা অতি বিশেষ মুহূৰ্ত। মই মোৰ সকলো সতীৰ্থক, বিশেষকৈ মোৰ বাৰ্চিলোনাৰ সতীৰ্থসকলক ধন্যবাদ জনাব বিচাৰো। মোৰ বাবে ই এক সামূহিক সফলতা।”

উল্লেখ্য যে, এই মুহূৰ্ত্বত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ২০১০ চনৰ পিছত প্ৰথমবাৰৰ বাবে বেলন ডি অ’ৰত শীৰ্ষ তিনিজনৰ বাহিৰত স্থান লাভ কৰে। তালিকাত তেওঁ ষষ্ঠ স্থানত অৱস্থান কৰে।

বায়াৰ্ণ মিউনিখৰ ৰবাৰ্ট লেভানডস্কিয়ে “ষ্ট্ৰাইকাৰ অফ দা ইয়েৰ” জয়ী হয়। আনহাতে ইটালীৰ ষ্টপাৰ জিয়ানলুইগি ডোনাৰুমাই শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰে। শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বাবে কোপা ট্ৰফী লাভ কৰে স্পেইন তথা বাৰ্চিলোনাৰ উদীয়মান তাৰকা পেদ্ৰীয়ে। ইফালে এই বৰ্ষৰ চেম্পিয়নচ্ লীগ বিজয়ী চেলছিয়ে শ্ৰেষ্ঠ ক্লাবৰ বঁটা লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd