মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু পদ্মশ্ৰী তথা সংগীত নাটক অকাডেমী বঁটা বিজয়ী বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদক সন্মানীয় ‘অধ্যাপক’ (Professor of Practice) হিচাপে নিযুক্তি প্ৰদান কৰিছে।
এই নিযুক্তি অনুসৰি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ সহায়ত মানৱতা, সমাজ বিজ্ঞান আৰু সংবাদ মাধ্যমৰ সন্দৰ্ভত শিক্ষাৰ্থীক পাঠদান কৰিব আৰু আনহাতে বিশিষ্ট কলা বিশেষজ্ঞ নুৰুদ্দিন আহমেদে আৰ্ট, ফাইন আৰ্টচ তথা পাৰফৰমিং আৰ্টচৰ শিক্ষা প্ৰদান কৰিব।
আগন্তুক ৩ বছৰৰ বাবে এই পদত কাৰ্যনিৰ্বাহ কৰিবলগীয়া দুয়োগৰাকী ব্যক্তিলৈ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছে আৰু দুয়োৱে এই দায়িত্ব গ্ৰহণ কৰিছে।
বিশ্ববিদ্যালয়ৰ সহকাৰী জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ তথ্য সদৰী কৰিছে।





