বছৰ বছৰ ধৰি কলিয়াবৰৰ হাতীগাঁওস্থিত অদিতি চিমেণ্ট নিৰ্মাণ কাৰখানাৰ বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণে জীয়াতু ভোগাই আহিছে স্থানীয় ৰাইজক।
বিষাক্ত গেছ আৰু ধূলিকণাৰ ফলত স্থানীয় লোকৰ দেহত নানান অচিন ৰোগৰ লগতে খৰ খজুৱতি আদিৰ সৃষ্টি কৰিছে ।
আনহাতে চিমেণ্ট কাৰখানাৰ পৰা সৃষ্ট শব্দ প্ৰদূষণৰ ফলত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰাত জটিল সমস্যাৰ সৃষ্টি কৰিছে।
দিনে নিশাই চিমেণ্ট কাৰখানাতো চলাই থকাৰ ফলত নিৰ্গত হোৱা প্ৰচণ্ড শব্দই ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ লগতে সাধাৰণ ৰাইজকো অসুবিধাত পেলাইছে।
অৱশ্যে এই অসুবিধাৰ কথা স্থানীয় ৰাইজে কাৰখানা কৰ্তৃপক্ষৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত হাতীগাঁওবাসী ৰাইজে আজি ওলাই আহি চিমেণ্ট কাৰখানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাইজে চিমেণ্ট কাৰখানালৈ অহা যোৱা পথত বাঁহ বান্ধি উক্ত পথ চোৱা বন্ধ কৰি দিয়াৰ লগতে সমস্যা সমাধান নোহোৱা পৰ্য্যন্ত কাৰখানা বন্ধ ৰাখিবলৈ দাবী জনায়।





