এয়া কোনো জকাইচুকৰ পথ নহয়। শিৱসাগৰ চহৰৰ জেঙনিকটীয়াৰ বিষ্ণু নগৰৰ এটা গুৰুত্বপূৰ্ণ পথ। প্ৰায় ৩০ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে পথটো।
আপুনি শুনিলে আচৰিত হব এই পথতে আছে তিনিটাকৈ চৰকাৰী বিভাগৰ কাৰ্যালয় আৰু তিনিটা চৰকাৰী বিভাগৰ ক’লনি।
এই পথতে আছে অসম ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় আৰু ক’লনি। ইয়াৰ কাষতে আছে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ কাৰ্যালয়।
এই কাৰ্যালয়ৰ সন্মুখতে আছে ভাৰতীয় ডাক বিভাগৰ আৱাসিক ক’লনি। এই পথতে আছে বিএছএনএলৰ শিৱসাগৰৰ মুখ্য কাৰ্যালয় আৰু আৱাসিক ক’লনি।
তিনিটা চৰকাৰী বিভাগ আৰু তিনিটা চৰকাৰী ক’লনি থকাৰ উপৰিও এই পথতে আছে শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু শিক্ষক ভৱন।

ইমানখিনি চৰকাৰী কাৰ্যালয়, ক’লনি তথা অনুষ্ঠান-প্ৰতিষ্ঠান থকাৰ পাছতো এই পথৰ দূৰৱস্থা শোচনীয়।
উল্লেখ্য যে পথটোৰ এটা মূৰত পুখুৰীসদৃশ গাতৰ সৃষ্টি হোৱাত বৰষুণ দিলেই একাঠু পানী হয়। যাৰ বাবে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ বাসিন্দা সকলৰ অহাযোৱা কৰাত সমস্যাৰ সৃষ্টি হয়।
আজি স্থানীয় যুৱক সকলে চৰকাৰলৈ বাট নাচাই নিজেই হাতে কামে লাগিল পথটো মেৰামতি কৰাত। বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথটো পুনৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছিল যদিও প্ৰায় ৩০ বছৰে পথটো নিৰ্মাণত কোনো গুৰুত্ব নিদিলে কোনো এখন চৰকাৰে।
ৰাইজে মুখ্যমন্ত্ৰীক তেওঁৰ অধীনৰ বিভাগৰ উন্নয়নৰ নমুনা এবাৰ চোৱাৰ বাবে আহ্বান জনাইছে।