• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি বিচাৰি ৰাইজে বালে চালনী; পিছে উঠিল কেৱল বোকা! মাজুলীত অভিনৱ প্ৰতিবাদ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
September 7, 2018 8:57 pm
Majuli
433
VIEWS
Share on FacebookShare on Twitter

পৰিবৰ্তনৰ শ্ল’গানেৰে ৰাজ্যত শাসনৰ গাদীলৈ অহা বিজিপি চৰকাৰে দুবছৰৰ কাৰ্যকাল অতিক্ৰম কৰাৰ পিছতো পৰিৱৰ্তন নহ’ল পথৰ দুৰৱস্থা। খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীতে পথৰ বিধস্ত অৱস্থাই অঞ্চলবাসীক জীয়াতু ভোগাইছে। তাতকৈ পৰিতাপৰ কথা হ’ল মুখ্য মন্ত্ৰী গৰাকীয়ে নিজেই পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

ইয়াৰ প্ৰতিবাদত অঞ্চলটোৰ শ শ পুৰুষ-মহিলাই আজি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অতিষ্ঠ হৈ পৰা ৰাইজে পথৰ ওপৰৰ খালত চালনী বাই বিচাৰিলে মুখ্য মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি! পিছে চালনিত প্ৰতিশ্ৰুতি ঠাইত উঠিল কেৱল বোকা আৰু পলস!

উল্লেখযোগ্য যে উজনি মাজুলীৰ অতি ব্যস্ত টেঙাপনীয়াৰ পৰা মোৱামাৰি হৈ নতুন বজাৰ সংযোগী পথটো বিধস্ত হৈ ইয়াৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড খাল সৃষ্টি হৈছে। প্ৰখৰ ৰ’দ দি থকাৰ পিছতো পথটোৰ বিভিন্ন অংশত বৰ্তমানো একাঁঠু পৰ্যন্ত পানী বোকাই ৰাইজক জ্বলা কলা খোৱাইছে।

এজাক বৰষুণ দিলেই চাইকেল, মটৰচাইকেল টো বাদেই খোজ কাঢ়িও পথটোৰে যাব নোৱাৰা অৱস্থা হয়। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত পথটোৰ কথা ৰাইজে অৱগত কৰোৱাত নিৰ্বাচনত জয়ী হ’লে পথটো পকী কৰি দিয়া হ’ব বুলি কথা দিয়া মুখ্য মন্ত্ৰীজনে এতিয়া নিজৰেই প্ৰতিশ্ৰুতি পাহৰিলে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

যাৰ ফলত অহা ১০ দিনৰ ভিতৰত এই পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে  উজনি মাজুলীবাসীয়ে। অন্যথা গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে গাঁওবাসীয়ে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ কাৰ দিয়ে।

Recent News

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd