• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: ASTC বাছত বিনামূলীয়া ওভটনি যাত্ৰা, সবিশেষ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2020 6:11 pm
Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈৰ পৰা তিনিদিনৰ বাবে অৰ্থাৎ ২৫,২৬ আৰু ২৭ এপ্ৰিলত অসম পৰিবহন নিগমৰ বাছেৰে ৰাজ্যৰ ভিতৰতে আবদ্ধ হৈ থকা লোকসকলে বিনামূলীয়াকৈ ঘৰ বা কৰ্মস্থলী অভিমুখে একমুখী যাত্ৰা কৰিব পাৰিব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই বিষয়ে শুকুৰবাৰে সবিশেষ তথ্য ৰাজহুৱা কৰে।

Apply Now

তেওঁ কয় যে কালি নিশা ১২ বজালৈকে মুঠ ৪১,৬৯১ গৰাকী লোকে ১০৪ত ফোন কৰি আবেদন কৰিছে।

এএছটিছিৰ বাছৰ সংখ্যা সীমিত বাবে একেলগে গোটেইখিনিকে পঠিওৱা সুবিধা নহ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “সেয়েহে এই তিনিদিনত মিলাই লোৱা হ’ব। সকলোৰে মোবাইল নম্বৰত একোখনকৈ টিকট যাব। য’ত উল্লেখ থাকিব কি স্থানত বাছৰ বাবে তেওঁলোক ৰৈ থাকিব। হয়তো সীমিত সময়ৰ বাবে ওলা আৰু উবেৰৰো ব্যৱস্থা কৰা হ’ব যাতে যাত্ৰীসকল বাছ ৰখা স্থানলৈকে আহিব পাৰে। ওলা-উবেৰৰ লগতে ৩০খন স্থানীয় চিটীবাছ চলিব।”

“কিন্তু ৪১ হাজাৰ লোকক ঘৰলৈ পঠিয়াব পাৰো নে নোৱাৰো সেয়া সম্পূৰ্ণ অসম পৰিবহণ নিগমৰ বাছৰ ওপৰত নিৰ্ভৰ কৰিব। গোটেই যাত্ৰা বিনামূলীয়া কৰা হ’ব। স্বাস্থ্য বিভাগে অসম পৰিবহণ নিগমক ধনৰ যোগান ধৰিব,” মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইয়াৰোপৰি, কালি নিশা ১২ বজাৰ পিছৰ পৰা নতুনকৈ ফোন লোৱা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় লকডাউন বৃদ্ধি হ’লে ভৱিষ্যতে দুদিন বা তিনিদিন পুনৰ খুলি দিয়া হ’ব।

“এই ৪১ হাজাৰ লোকক নিয়াৰ ক্ষেত্ৰত যদি ৪-৫ দিনৰো প্ৰয়োজন হয় তেন্তে এই ব্যৱস্থাটো চলি থাকিবলৈ দিয়া হ’ব। কোনো লোক চিন্তিত হ’ব নালাগে। টিকট দিয়াৰ দিনা বিভাগৰ ফালৰ পৰা ফোন যাব,” তেওঁ কয়।

আনহাতে, নিজৰ ব্যক্তিগত বাহনৰে বাসগৃহলৈ যাত্ৰা কৰাসকলৰ পৰা ৰাজ্যৰ জিলা উপায়ুক্তসকলে ৫১,৪০২ টা অনুৰোধ লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

“কাইলৈ দিনটোৰ কাৰণে ১২,২০৬ খন পাছ ইছু কৰা হৈছে। পিছৰ দুদিনৰ বাবে ১৯ হাজাৰ পাছ জিলা উপায়ুক্তসকলে দিব। ১৯,৭৪৫ টা অনুৰোধ ৰিজেক্ট কৰা হৈছে। ১২ হাজাৰ ৰিকুৱেষ্ট গ্ৰহণ কৰা হৈছে। ১৯ হাজাৰ অনুৰোধৰ কাম বৰ্তমানো চলি আছে,” তেওঁ জনায়।

আনহাতে, “আছাম কেয়াৰ”ৰ অধীনত অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকসকলক সহায় কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ জনায় যে আন্তৰ্জাতিক পৰ্য্যায়ত আবদ্ধ হৈ থকা অসমীয়া লোকৰ সংখ্যা ৪৯লৈ বৃদ্ধি পাইছে। “৩৭,১৭৬৯০ টকা ইতিমধ্যে তেওঁলোকৰ একাউন্টত দিয়া হৈছে,” মন্ত্ৰী শৰ্মাই কয়।

অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা লিভাৰ, কেন্সাৰ বা কিডনী ৰোগত আক্ৰান্ত থকা ৰোগী ৮২৯ গৰাকীলৈ বৃদ্ধি পাইছে। “তেওঁলোকলৈ ২ কোটি ৭ লাখ ২৫ হাজাৰ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে,” শৰ্মাই কয়।

ইয়াৰোপৰি অসমৰ বাহিৰত বহিৰাজ্যত আবদ্ধ হৈ থকা লোকৰ ৫ লাখ ৭০হাজাৰ মিছড কল লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, “লিংক পঠিওৱাৰ পাছত আমাক ৩ লাখ ১হাজাৰৰ পৰা সহাঁৰি পোৱা হৈছে। ২ লাখ ৭৮ হাজাৰ ফৰ্ম জিলা উপায়ুক্তসমূহলৈ পৰীক্ষণৰ বাবে পঠিওৱা হৈছে। তাৰে ১ লাখ ৯১ হাজাৰ ফৰ্ম গৃহীত হৈছে। ১১ হাজাৰ ৭৯১ খন ফৰ্ম ৰিজেক্ট হৈছে। ৭৭ হাজাৰ ফৰ্ম এতিয়াও জিলা উপায়ুক্তই পৰীক্ষা কৰি আছে। ডেৰ লাখ লোকৰ একাউন্টত এতিয়ালৈকে ২০০০ টকাকৈ জমা হৈছে। চৰকাৰে ৩০ কোটি টকা এই আঁচনিৰ বাবদ ব্যয় কৰিছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd