• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত যানবাহন চলাচলত যুগ্ম-অযুগ্ম নীতি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2020 11:03 pm
Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনে তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ মাজত জনসমাগম ৰোধ কৰাৰ বাবে ব্যক্তিগত যান-বাহনৰ চলাচলত যুগ্ম-অযুগ্ম নীতি বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে।

জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জানিবলৈ দিয়া মতে জনসমাগম ৰোধ কৰাৰ বাবে তথা ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহন সমূহ চলাচলৰ ক্ষেত্ৰত অহা ৯ মে’ৰ পৰা ১৭ মে’ তাৰিখলৈ প্ৰৱৰ্তন হ’ব যুগ্ম-অযুগ্ম নীতি।

Apply Now

জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত শুকুৰবাৰে উপায়ুক্ত কাৰ্যালয়ত আৰক্ষী আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই নীতি অনুসৰি অহা ৯ মে’ তাৰিখে পঞ্জীয়ন ফলকৰ শেষৰ অযুগ্ম নম্বৰ থকা দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহন সমূহ চলাব পাৰিব।

তাৰ পিছৰ দিনা যুগ্ম নম্বৰৰ বাহন চলাব পাৰিব। ঠিক সেইদৰে এদিন অযুগ্ম আৰু এদিন যুগ্মকৈ পৰৱৰ্তী ১৭ মে’ তাৰিখলৈকে এই প্ৰক্ৰিয়া চলি থাকিব।

অৱশ্যে চৰকাৰী যান-বাহন, পৰিচয় পত্ৰসহ কৰ্মস্থলীলৈ অহা চাকৰিজীৱীসকল, আৰক্ষী, সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী, অগ্নি আৰু আপাতকালীন সেৱা, জৰুৰীকালীন সেৱাত নিয়োজিত অনুমতিপ্ৰাপ্ত বাহন আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত লোকসকলৰ বাহন; এম্বুলেন্স; সাংবাদিক সকলৰ বাহন আদিক যুগ্ম-অযুগ্ম নীতিৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে।

ব্যক্তিগত বাহনৰ ক্ষেত্ৰত জাৰি কৰা এই যুগ্ম-অযুগ্মৰ নীতি অমান্য কৰা সকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা উপায়ুক্তই সদৰী কৰে।

ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলিত লকডাউনৰ সময়ছোৱাত শিৱসাগৰ জিলা প্ৰশাসনে সমগ্র জিলাতে সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ লগতে জনসমাগম ৰোধ কৰাৰ ক্ষেত্ৰত তীক্ষ্ম দৃষ্টি ৰাখি আহিছে।

কিন্তু জিলা প্ৰশাসনৰ তৰফৰ পৰা বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও কিছুসংখ্যক ৰাইজে লকডাউনৰ সময়ছোৱাত অনাহকত ব্যক্তিগত বাহনৰে যাতায়ত কৰি ব্যাপক যান-জঁট আৰু জনসমাগমৰ সৃষ্টি কৰা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd