• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: দুখীয়াক লৈ ৰাজনীতি নকৰি মানৱীয় দৃষ্টিৰে সহায় কৰক, প্ৰমীলাৰাণী ব্ৰহ্মৰ মন্তব্য

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 19, 2020 10:31 pm
Lockodown: No politics, help poor, says Assam minister Pramilarani Brahma

প্ৰমীলাৰাণী ব্ৰহ্ম।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ত খাদ্য সংকটত ভোগা দুখীয়া লোকসকলক লৈ ৰাজনীতি নকৰি তেওঁলোক সহায় কৰিবলৈ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই আহ্বান জনাইছে।

বাক্সা জিলাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি দেওবাৰে সন্ধিয়া তামুলপুৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে কয় বিপিএফৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে।

Apply Now

“এনে বিশ্বজনীন  বিপদৰ সময়ত খাদ্য সংকটত পৰা দুখীয়া জনসাধাৰণক লৈ কোনো দল-সংগঠনে ৰাজনীতি নকৰি তেনে লোকসকলক মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা বিবেচনা কৰি সহায়ৰ হাত আগবঢ়াব লাগে,” তেওঁ কয়।

নিৰ্বাচনৰ বাবে বিটিচি এলেকাত মডেল কোড অৱ কনডাক্ট চলি থকা বাবে খাদ্য সংকটত ভোগা দুখীয়া লোক সকলক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত সমস্যা হোৱাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰী গৰাকীয়ে কয় যে মানৱীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক প্ৰশাসনৰ জৰিয়তে তেনে আৰ্তজনক সহায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লকডাউনৰ সময়ছোৱাত একাংশ ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰাতো ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ হৈছে। এই ক্ষেত্ৰত অসমৰ মুখ্য মন্ত্ৰীয়ে তেনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছে।

“এনে সংকটপূৰ্ণ মুহূৰ্তত এনে কাৰ্য কৰাটো নিন্দনীয়,” তেওঁ কয়।

বহু লোক, স্বেচ্ছাসেৱী সংগঠন আৰু ৰাজ্য চৰকাৰৰ চাকৰিয়ালসকলে আৰ্তজনলৈ খাদ্য সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়াই অহাৰ কথা তেওঁ উল্লেখ কৰে।

তেওঁ কয় যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াব পৰা নাই,  সেইসকল চৰকাৰী কৰ্মচাৰীয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সঁহাৰি জনাই সহায় কৰিবলৈ আগবাঢ়ি যাব লাগে।

“যাতে এনে খাদ্য সংকটত ভোগা দুখীয়া শ্ৰমিকসকলে ভাবিব পাৰে যে তেওঁলোকৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ মানৱতা গুণসম্পন্ন মানুহ এতিয়াও আমাৰ মাজত আছে,” তেওঁ কয়।

লকডাউনৰ ফলত ৰাজ্যৰ কৃষকসকল উৎপাদিত সামগ্ৰী নষ্ট হোৱাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰমীলাৰাণী ব্ৰহ্মই কয় যে বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে।

এনে দুখীয়া কৃষক সকলৰ খেতিত উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ জিলা উপযুক্তসকলক আহ্বান জনাইছে।

আনহাতে অসমৰ বাহিৰত আবদ্ধ লোকসকলৰ ক্ষেত্ৰত অসম চৰকাৰ পৰা সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰমীলাৰাণী ব্ৰহ্মই উল্লেখ কৰে।

তেওঁ কয় যে তেনে বহু লোকৰ তালিকা তেওঁৰ হাতত পৰিছে আৰু তেনে বিপদত পৰা লোক সকলৰ সহায়ৰ বাবে তালিকা প্ৰস্তুত কৰি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত দাখিল কৰা হৈছে।

Tags: COVID-19
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd