• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2022 4:07 pm
Doloo Tea Estate
149
VIEWS
Share on FacebookShare on Twitter

প্ৰথমে গ্ৰীণফিল্ড এয়াৰপ’ৰ্টৰ নামত বাগিচাত উচ্ছেদ আৰু এইবাৰ লক আউট। এনেদৰেই ডলু বাগিচাৰ সৈতে জড়িত সহস্ৰাধিক চাহ শ্ৰমিকৰ জীৱিকাৰ পথ বন্ধ কৰি ঠেলি দিয়া হৈছে অন্ধকাৰলৈ। চাহ শ্ৰমিকক এইদৰে অৰ্থনৈতিক নিৰাপত্তাহীনতালৈ ঠেলি আজি কাছাৰস্থিত ডলু চাহ বাগিচাৰ পৰিচালনা কৰ্তৃপক্ষই বাগিচাখনত লকআউট ঘোষণা কৰিছে।

বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ ফলত প্ৰায় ১৫০ স্থায়ী শ্ৰমিক আৰু ১০০০ অস্থায়ী শ্ৰমিকক নিবনুৱা কৰি তুলিছে। চাহ বাগিচাখনৰ উপ-প্ৰৱন্ধক সুপ্ৰিয়া সিকদাৰে আজি এই জাননী জাৰি কৰি চাহ বাগিচাৰ বৃহৎ সংখ্যক শ্ৰমিকে বাগিচা পৰিচালনাৰ দৈনিক নিযুক্তিৰ আদেশ অমান্য কৰিছে বুলি অভিযোগ তুলিছে।

“সম্পূৰ্ণ অনিয়ম আৰু কৰ্মক্ষেত্ৰত শ্ৰমিকসকলৰ দ্বাৰা ৰাউণ্ড প্লাকিং কৰাত পলম হোৱাৰ বাবে ৰাউণ্ড প্লাকিং অব্যাহত ৰাখিব পৰা নহ’ব আৰু উৎপাদিত চাহৰ পৰিমাণ তথা মানদণ্ডৰ ক্ষেত্ৰত ডালু চাহ ইষ্টেটৰ পৰিচালনাৰ এক অপূৰণীয় ক্ষতি হৈছে।”— জাননীখনত এইদৰে উল্লেখ কৰা হৈছে।

কৰ্তৃপক্ষই লগতে কয় যে চিকিৎসালয়, ৱাৰ্ড আৰু নিৰাপত্তা, পানী যোগান আৰু বিদ্যুতকে ধৰি জৰুৰীকালীন সেৱাৰ বাহিৰে চাহ বাগিচাখনৰ সকলো কাৰ্যকলাপ তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হৈছে।

লক-আউটৰ সময়ছোৱাত কৰ্মচাৰীসকল কোনো মজুৰি, ৰেচন আৰু অন্যান্য সম্পৰ্কিত সুবিধাৰ অধিকাৰী নহ’ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কাছাৰ জিলা প্ৰশাসনে গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে বাগিচাখনৰ প্ৰায় ৩০ লাখ চাহ গছ উচ্ছেদ কৰিছিল। অসম চৰকাৰেও বিমানবন্দৰ নিৰ্মাণৰ নামত ডলু বাগিচাৰ মাটি মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু কিছুদিন পূৰ্বে এক আৰ টি আইৰ উত্তৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে শিলচৰ বিমানবন্দৰৰ বাবে কোনো প্ৰস্তাৱ লাভ কৰা নাই বুলি স্পষ্ট কৰি দিছিল।

মন্ত্ৰালয়ৰ এই উত্তৰৰ পিছতে গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ নামত ডলু চাহ বাগিছাত চলোৱা উচ্ছেদ অসম চৰকাৰৰ এক উদ্দেশ্যপ্ৰণোদিত পৰিকল্পনা আছিল বুলি প্ৰমাণিত হৈ পৰিছিল।

উল্লেখ্য যে গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ পৰিকল্পনাৰ অজুহাত দেখুৱাই অসম চৰকাৰে ডলু চাহ বাগিছাৰ এক বৃহৎ অংশ উচ্ছেদ কৰিছিল। চৰকাৰৰ এই স্বৈৰাচ্ছাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উচ্ছেদৰ বিৰোধিতাৰে ডলু চাহ বাগিছাৰ লগতে সমগ্ৰ ৰাজ্যতে চাহ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এনে প্ৰতিবাদৰ পিছতো গা লৰা নাছিল অসম চৰকাৰৰ।

কিন্তু এয়াৰপ’ৰ্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ৰিপ’ৰ্টে ডলু চাহ বাগিছাত কোনো এয়াৰপ’ৰ্ট নিৰ্মাণ নহয় বুলি নিশ্চিত কৰিছিল। কিন্তু এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নথকাৰ পাছতো অসম চৰকাৰে মিথ্যাচাৰিতাৰ আশ্ৰয় লৈ এইদৰে ভুৱা প্ৰচাৰ কিয় চলাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছিল।

কোনো বৃহৎ পুঁজিপতিৰ স্বাৰ্থত অসম চৰকাৰে বাগিছাৰ মাটি মুকলি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপিত হৈছিল। কিন্তু এয়াৰপ’ৰ্ট অথৰিটিৰ ৰিপ’ৰ্টৰ পাছতো অসম চৰকাৰে এই বিষয়ত কোনো স্পষ্টীকৰণ প্ৰকাশ নকৰি বিষয়টো সম্পূৰ্ণৰূপে গাপ দিছিল।

এতিয়া চাহ বাগিচাখনত হঠাতে লক আউটৰ ঘোষণাও চৰকাৰৰ এই পৰিকল্পনাৰে অংশ বুলি চৰ্চিতহৈছে। ইতিমধ্যে লক আউটৰ ঘোষণাই বাগিচাখনৰ শ্ৰমিক সকলৰ মাজত ক্ষোভৰ উদগীৰণ ঘটাইছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd