• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সোণোৱাল চৰকাৰৰ আইন মতে জিলা পৰিষদ সদস্যৰ বাবেও যোগ্য নহয় কুইন ওজা’

অসমৰ বিজেপি চৰকাৰে প্ৰণয়ন কৰা পঞ্চায়ত আইন, ২০১৮ৰ উল্লেখেৰে মন্তব্য তৰুণ গগৈৰ।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 20, 2019 3:51 pm
Chief minister's office has become the epicentre of corruption and syndicate, says former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি মিত্ৰজোঁট নেতৃত্বাধীন অসম চৰকাৰে এক আইনৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰিছিল। সেই অনুসৰিয়েই অসমত শেহতীয়া পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত হৈছিল।

কিন্তু মনকৰিবলগীয়া যে পঞ্চায়ত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাত গুৰুত্ব দিয়া ৰাজ্যত শাসনত থকা বিজেপি দলেই এতিয়া দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ দিশটো আওকাণ কৰিলে। সেই কথা স্পষ্ট হৈ পৰিল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ ক্ষেত্ৰত।

Apply Now

বিজেপি চৰকাৰে প্ৰণয়ন কৰা আইন মতে কুইন ওজাই পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্য পদৰ বাবেও অৱতীৰ্ণ হ’ব নোৱাৰে। কাৰণ জিলা পৰিষদৰ সদস্য পদৰ সাধাৰণ বৰ্গৰ প্ৰাৰ্থী ন্যূনতম উচ্চতৰ মাধ্যমিক বা সমপৰ্য্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। তাৰ বিপৰীতে কুইন ওজা মেট্ৰিক পাছহে।

ওজাৰ শিক্ষাগত অৰ্হতাক বিভিন্ন ধৰণৰ চৰ্চা চলি থকাৰ মাজতে এই লৈ মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। শনিবাৰে দিচপুৰৰ হোটেল ৰাইবিয়েৰিয়াত এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে বিজেপিয়ে কুইন ওজাক কিয় দিল্লীলৈ পঠিয়াব বিচাৰে সেই বিষয়েও কয়।

‘পঞ্চায়তত জিলা পৰিষদৰ প্ৰাৰ্থী হ’বলৈ হায়াৰ চেকেণ্ডাৰী পাছ হ’ব লাগে। সেই আইনখন সৰ্বানন্দ সোণোৱাল চৰকাৰেই কৰিছিল। এতিয়া তেওঁলোকৰ আইন মতেই জিলা পৰিষদৰ সদস্যৰ বাবেও উপযুক্ত নহয় কুইন ওজা। অৰ্থাৎ কুইন ওজাই দিল্লীলৈ গৈ গুৱাহাটীৰ হৈ মাত মাতিবলৈ নহয়, মোদী ডাঙৰীয়াই উঠ বুলি ক’লে উঠিব, বহ বুলি ক’লে বহিব, CAB ৰ বিৰুদ্ধে ক’ব নোৱাৰে, তেনেধৰণৰ সদস্যহে বিজেপিয়ে বিচাৰে’, তৰুণ গগৈয়ে কয়।

একেদৰে তেওঁ কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী ববিতা শৰ্মাকে ধৰি দলটোৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়েই শিক্ষা-দীক্ষাকে ধৰি সকলোপিনৰ পৰাই যোগ্য বুলি মন্তব্য কৰে।

ইয়াৰ উপৰিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিনৰ প্ৰসংগ আনি কয়, ‘তেওঁ মোৰ প্ৰধান শত্ৰু, মই তেওঁক হৰুৱাব বিচাৰোৱেই’। আজমলৰ দলৰ লগত কংগ্ৰেছে কোনো ধৰণৰ বুজাবুজি নকৰাৰ কথা পুনৰ দোহাৰি তৰুণ গগৈয়ে বদৰুদ্দিন আজমলৰ লগত বিজেপিৰহে সু-সম্পৰ্ক আছে বুলিও কয়।

‘পাঁচবছৰত আজমলৰ আয় ৮০ শতাংশ বাঢ়ি গ’ল। বিজেপিৰে সম্পৰ্ক নাথাকিলে এয়া কেনেকৈ হ’ব পাৰে?’ তৰুণ গগৈয়ে কয়।

একেখন সংবাদমেলতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি দেশত এতিয়া একনায়কত্ববাদ চলিছে বুলি কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘গণতন্ত্ৰত চৰকাৰ আহে আৰু যায়, কিন্তু একনায়কত্ববাদ অহা নাছিল। কিন্তু মোদীৰ শাসনত একনায়কত্ববাদ চলিছে। জৱাহৰলাল নেহৰু, আনকি ইন্দিৰা গান্ধী প্ৰধান মন্ত্ৰী থাকোতেও কংগ্ৰেছ চৰকাৰ বুলিয়েই কোৱা হৈছিল। এতিয়া মোদী চৰকাৰ বুলিহে কোৱা হয়। এই একনায়কত্ববাদৰ কথা প্ৰাক্তন মন্ত্ৰী যশৱন্ত সিনহাৰ মুখতো প্ৰকাশ পাইছে’।

ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত ‘মুছলমানে বিজেপিক ভোট নিদিলে আল্লাই ক্ষমা নকৰে’ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এয়া এক সম্প্ৰদায়ক ভীতিগ্ৰস্ত কৰাহে হোৱা বুলি মন্তব্য কৰে।

কংগ্ৰেছে মুখ্য মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰো কাষ চাপিব বুলি তেওঁ মন্তব্য কৰে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd