• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰাজয় নিশ্চিত ব্যৰ্থ সাংসদ আজমলৰ: অগপৰ জাবেদ ইছলাম

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , April 10, 2019 6:51 pm

2 min read

Loksabha election: AGP candidate for Dhubri claims sure-shot defeat of AIUDF supremo, MP Badruddin Ajmal

বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত জাবেদ ইছলাম। ছবি- নৰ্থ ইষ্ট নাও।

468
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক “ব্যৰ্থ” বুলি অভিহিত কৰি আসন্ন লোকসভা নিৰ্বাচনত তেওঁৰ নিশ্চিত পৰাজয় দাবী কৰিছে অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে।

“মাত্ৰ ভোটৰ সময়ত সমষ্টিত ভোট খুজিবলৈ অহা আজমলক ৰাইজে বিগত কাৰ্য্যকালত এদিনো নেদেখিলে৷ আজমলক ইয়াৰ প্ৰত্যুত্তৰ এইবাৰ ধুবুৰীৰ ভোটাৰ ৰাইজে নিশ্চয় দিব। ধুবুৰীত কংগ্ৰেছ, এ আই ইউ ডি এফক এইবেলি ৰাইজে প্ৰত্যাখ্যান কৰাটো একপ্ৰকাৰ নিশ্চিত,” কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ পূবালী সংঘত বুধবাৰে দুপৰীয়া এক নিৰ্বাচনী সভাত মন্তব্য ইছলামৰ।

আনহাতে কংগ্ৰেছক “দুৰ্নীতিৰ মাষ্টাৰ” বুলি সমালোচনা কৰিছে বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে।

“দুৰ্নীতি আৰু শোষণৰ ক্ষেত্ৰত কংগ্ৰেছ দল সদায় শীৰ্ষত। কংগ্ৰেছৰ বিগত প্ৰায় ষাঠি বছৰীয়া শাসনকালত অসমৰ একো উন্নয়ন হোৱা নাই,” মোদীৰ পাঁচ বছৰীয়া কাৰ্য্যকালত যথেষ্ট পৰিৱৰ্তন হোৱাৰ দাবী কৰি ইছলামৰ মন্তব্য৷

নিজৰ মা-দেউতাকক প্ৰকৃততে জনতাৰ সেৱক আৰু তেওঁলোকে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নাছিল বুলিও সভাত তেওঁ মন্তব্য কৰে৷

“ময়ো সেই আদৰ্শতে পৰিচালিত৷ সেয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিও আমি বিধায়ক নিৰ্বাচিত হৈছোঁ,” ইছলামে কয়৷

সভাখনত অগপ আৰু বিজেপি দলৰ গোৱালপাৰা জিলা সভাপতিদ্বয়, প্ৰাক্তন অগপ বিধায়ক জ্যোতিষ দাস, গৌৰাংগ প্ৰসাদ দাসকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল।

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ত অহা ২৩ এপ্ৰিলত ভোট গ্ৰহণ হ’ব লগা ধুবুৰী সমষ্টিত বৰ্তমানৰ সাংসদ তথা এ আই ইউ দি এফ মুৰব্বী বদৰুদ্দিন আজমল, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী আৰু অগপৰ ইছলামৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ ধাৰণা কৰা হৈছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd