পাহাৰিয়া জিলা ডিমা হাচাও আৰু কাৰ্বি আংলং জিলা দুখনক সামৰি গঠন হৈছে ৩ নং স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টি। এই সমষ্টিটো অসমৰ দুটা অনুসূচিত জনজাতি সংৰক্ষিত সমষ্টিৰ অন্যতম লোকসভা সমষ্টি।
নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ
- মুঠ ভোটাৰৰ সংখ্যা ৭,৮৩,৭১১জন
- পুৰুষ ভোটাৰ : ৩,৯৯,১৯৫জন
- মহিলা ভোটাৰ : ৩,৮৪,৫০৯গৰাকী
- তৃতীয় লিংগৰ ভোটাৰ: ৭গৰাকী
মুঠ ভোটকেন্দ্ৰ আছে ১১৭৪টা
১৯৫১-৫২ চনৰ ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বোনিলী খংমেনে সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
বৰ্তমান কংগ্ৰেছৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে বিৰেন সিং ইংটি। ইংটি ২০০৪ চনৰ পৰা একেৰাহে ৩ বাৰৰ বাবে সমষ্টিটোৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে। ১৯৭৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিত বিধানসভাৰ ৫টা সমষ্টি অন্তৰ্গত। আটাইকেইটা সমষ্টিয়েই অনুসূচিত জনজাতি সংৰক্ষিত-
১। হাফলং (বিজেপিৰ দখলত, বিধায়ক বিৰ ভধ্ৰ হাগজেৰ)
২। বোকাজান (বিজেপিৰ দখলত, বিধায়ক নুমল মোমিন)
৩। হাওৰাঘাট (বিজেপিৰ দখলত, বিধায়ক জয়ৰাম ইংলেং)
৪। ডিফু (বিজেপিৰ দখলত, বিধায়ক ছুম ৰংহাং)
৫। বৈথালাংছো (বিজেপিৰ দখলত, বিধায়ক মানসিং ৰংপি)
উল্লেখযোগ্য যে বিগত নিৰ্বাচন সমূহত লোকসভা সমষ্টিটোত মূলত কংগ্ৰেছ দলৰ আধিপত্য চলি আহিছে যদিও ইয়াৰ মাজতে জয়ন্ত ৰংপিয়ে এ এছ ডি চিৰ হৈ ৩বাৰ আৰু চি পি আই (এম-এল) লিবাৰেশ্যনৰ হৈ ১বাৰ জয়লাভ কৰিছে। আনহাতে বিজেপিয়ে এইপৰ্যন্ত সমষ্টিটোত এবাৰো জয়ৰ মুখ দেখা নাই।
২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বিৰেন সিং ইংটিয়ে ২,১৩,১৫২টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা বিজেপিৰ জয়ৰাম ইংলেঙে পাই ১,৮৯,০৫৭টা ভোট। তদুপৰি নিৰ্দলীয় প্ৰাৰ্থী চোমাং ক্ৰ’ৱে ১,০৮,২৯৯টা ভোট পোৱাৰ বিপৰীতে ন’টাত পৰে ১১,৭৪৭টা ভোট।
২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১৮ এপ্ৰিলত।
নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ৫জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। তেওঁলোক হ’ল ক্ৰমে- কংগ্ৰেছৰ বিৰেন সিং ইংটি, এ এছ ডি চিৰ হলিৰাম টেৰাং, বিজেপিৰ হৰেন সিং বেই, এন পি পিৰ লিয়েন খ’চন আৰু নিৰ্দলীয় জ’নছ ইংটি কাথাৰ।