DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে লুই ইনাছিঅ’ লুলা দা ছিলভাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2023 11:14 am
57
VIEWS
Share on FacebookShare on Twitter

তৃতীয় বাৰৰ বাবে যোৱা দেওবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে লুই ইনাছিঅ’ লুলা দা ছিলভাই(Luiz Inácio Lula da Silva )। শপত গ্ৰহণ কৰাৰ পিছত লুলাই ব্ৰাজিলক “পুনৰ নিৰ্মাণ” কৰি পৰিৱেশ আৰু দৰিদ্ৰৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

লগতে পঢ়কঃ মানুহৰ মৃতদেহৰ পৰা সাৰ প্ৰস্তুত কৰিব নিউয়ৰ্কে

ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ব্ৰাজিলৰ প্ৰয়াত ফুটবল কিংবদন্তি পেলে আৰু প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ সন্মানত এক মিনিটৰ মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পিছতে আৰম্ভ হয় শপতগ্ৰহণ।

৭৭ বছৰীয়া লুলাই ইয়াৰ পূৰ্বে ২০০৩ চনৰ পৰা ২০১০ চনলৈকে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শপত গ্ৰহণ কৰাৰ পিছত তেওঁ কয় যে তেওঁৰ চৰকাৰে ব্ৰাজিলৰ মন্থৰ অৰ্থনীতি বৃদ্ধিৰ বাবে কাম কৰিব। ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য, শিক্ষা আৰু বিজ্ঞান খণ্ডত পুঁজিৰ অভাৱ পূৰণৰ বাবেও প্রয়াস কৰা হ’ব৷ ব্যক্তিগত স্বাৰ্থৰ বাবে দেশৰ সম্পদ লুণ্ঠন ৰোধ কৰা হ’ব।

লগতে পঢ়কঃ ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত ৭৯ টা দুৰ্ঘটনা : ৫ জনৰ মৃত্যু

লুলাৰ প্ৰতিশ্ৰুতিৰ ভিতৰত আছে ব্ৰাজিলৰ দৰিদ্ৰসকলৰ জীৱনৰ মান উন্নত কৰা, বৰ্ণ আৰু লিংগ সমতা অনা আৰু আমাজনৰ বনাঞ্চল ধ্বংস শূন্যলৈ হ্ৰাস কৰা আদি।

লগতে লুলাই কয়  – “মই ব্ৰাজিলৰ জনসাধাৰণৰ সৈতে দেশখন পুনৰ নিৰ্মাণ কৰিম।”

লগতে পঢ়কঃ চাৰি জিলা বিলুপ্তিকৰণৰ আঁৰত কি ‘জাতীয়’ স্বাৰ্থ নিহিত হৈ আছে জাতিক জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

শপতগ্ৰহণ অনুষ্ঠানত লুলাৰ সৈতে তেওঁৰ পত্নী ফাৰ্ষ্ট লেডী ৰোজাঞ্জেলা জাঞ্জা দা চিলভা আৰু উপ-ৰাষ্ট্ৰপতি জেৰাল্ডো আলচমিন উপস্থিত থাকে।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি বিদায়ী ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৱে যোৱা শুকুৰবাৰে লুলাক ক্ষমতা গতাই দিয়াৰ অনুষ্ঠানৰ পৰা হাত সাৰিবলৈ আমেৰিকালৈ ৰাওনা হয়। সেইবাবেই তেওঁ লুলাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল।

লগতে পঢ়কঃ নীলগাইলৈ লক্ষ্য কৰি এৰা গুলীত আহত গৰ্ভৱতী মহিলা

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd