• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ অসুবিধা আকৌ এবাৰ বৃদ্ধি পাইছে। এক মানহানিৰ গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে তেওঁৰ গ্ৰেপ্তাৰীৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া তেওঁ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 3:33 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ অসুবিধা আকৌ এবাৰ বৃদ্ধি পাইছে। এক মানহানিৰ গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে তেওঁৰ গ্ৰেপ্তাৰীৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া তেওঁ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ৰাজনৈতিক নেতা কৈলাস বিজয়বৰ্গীয়ৰ পুত্ৰ আকাশ বিজয়বৰ্গীয়ই দাখিল কৰা এই গোচৰটোৰ মূল কাৰণ হৈছে এক ৰাজনৈতিক সভাত অভিষেক বেনাৰ্জীয়ে কৈলাস বিজয়বৰ্গীয়ক অসৎ লোক বুলি সম্বোধন কৰা কাৰ্য। ইয়াৰ পিছতে আদালতৰ পৰা কেইবাবাৰো জাননী পঠোৱা হৈছিল যদিও অভিষেক বেনাৰ্জী হাজিৰ হোৱা নাছিল, যাৰ বাবে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। যদিও পিছত উচ্চ ন্যায়ালয়ে ইয়াত সাময়িক বাধা দিছিল, বুধবাৰে এই সুৰক্ষা কৱচ প্ৰত্যাহাৰ কৰা হয়।

কেৱল এই মানহানিৰ গোচৰটোৱেই নহয়, অভিষেক বেনাৰ্জী বৰ্তমান কেইবাটাও গুৰুতৰ গোচৰৰ তদন্তৰ আওতাত সোমাই পৰিছে। বিধানসভাৰ স্বাক্ষৰ জাল কৰা আৰু আন এক গোচৰত ৰাজ্যিক অপৰাধ অনুসন্ধান বিভাগে তেওঁক সোধা-পোছা কৰিছে। ইয়াৰ উপৰিও শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত কেন্দ্ৰীয় প্ৰৱৰ্তন সঞ্চালকালয়ে তেওঁক জেৰা চলাইছে। শেহতীয়াকৈ তেওঁ এই সংক্ৰান্তত কেন্দ্ৰীয় সংস্থাটোৰ কাৰ্যালয়ত হাজিৰো হৈছে। ইয়াৰ উপৰিও বান সাহায্য বিতৰণৰ অনিয়ম, গৰু সৰবৰাহ আৰু বালিৰ অবৈধ ব্যৱসায়ৰ দৰে বিষয়তো তেওঁৰ নাম সাঙুৰ খাই পৰিছে, যাৰ ফলত তেওঁৰ আইনী সংকট ক্ৰমান্বয়ে ঘনীভূত হৈ পৰিছে।

Apply Now

ৰাজনৈতিক দিশৰ পৰাও অভিষেক বেনাৰ্জী বৰ্তমান তীব্ৰ চাপৰ মুখত পৰিছে। অলপতে মে’ মাহত প্ৰকাশিত বিধানসভা নিৰ্বাচনৰ ফলাফলত তৃণমূল কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছৰে পৰা দলৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দলীয় বৈঠকত অভিষেক বেনাৰ্জীৰ কাৰ্যকলাপৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁৰ দলীয় পদ কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে। এনে এক আভ্যন্তৰীণ কন্দল আৰু কেইবাটাও আইনী গোচৰৰ মাজত শাসকীয় দলটো এতিয়া এক জটিল পৰিস্থিতিৰ মাজেৰে গতি কৰিছে আৰু অভিষেক বেনাৰ্জীৰ বাবে সংকট অধিক গভীৰ হৈ পৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd