• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী বিতাড়নক লৈ বিজেপিয়ে কেৱল ৰাজনীতি কৰি আহিছে, কোনোধৰণৰ ব্যৱস্থা লোৱা নাই: মহিমা সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:34 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলগাছিয়া ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত বিদেশী বিতাড়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিং আৰু আব্বাছ হাফিজে। এই সংবাদমেলত উপস্থিত থাকে মন্দিয়া সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ আব্দুল খালেক। সংবাদমেলৰ জৰিয়তে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিসমূহ ৰাইজৰ সন্মুখত তুলি ধৰা হয়।

সংবাদমেলত মন্তব্য কৰি মহিমা সিঙে কয় যে তথাকথিত অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি তেওঁলোকৰ পৰিচয় স্পষ্ট কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ অভিযোগ কৰে যে পূৰ্বতে কামাখ্যা প্ৰসাদ তাছাই কৈছিল যে বিজেপিৰ যুৱ মৰ্চাই অনুপ্ৰৱেশকাৰীসকলক নিজে দেশ এৰি যাবলৈ ক’ব, নতুবা ঘৰে ঘৰে গৈ তেওঁলোকক কাম নিদিবলৈ জনসাধাৰণক আহ্বান জনাব, যাতে তেওঁলোকে নিজেই দেশ এৰি যাবলৈ বাধ্য হয়। একে ধৰণৰ মন্তব্য শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৰিছে বুলি তেওঁ কয়।

Apply Now

তেওঁ লগতে কয় যে ২০১৪ চনৰ পৰা আৰম্ভ কৰি অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীয়ে এই একেই বক্তব্য পুনৰাবৃত্তি কৰি আহিছে, কিন্তু বাস্তৱত ইয়াৰ কোনো দৃশ্যমান ফলাফল দেখা নগ’ল। ২০২১ চনত মুখ্যমন্ত্ৰীয়ে এজন এজনকৈ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ কথা কৈছিল যদিও এতিয়াও সেই কাম সম্পূৰ্ণ হোৱা নাই বুলি তেওঁ মন্তব্য কৰে।

শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰিছে যে তেওঁ ব্যক্তিগতভাৱে এই সমস্যাৰ সমাধান কৰিব নোৱাৰে আৰু ইয়াৰ দায়িত্ব জনসাধাৰণৰ ওপৰত এৰি দিছে।

মহিমা সিঙে আৰু কয় যে এই বিষয়ত বিজেপিয়ে দ্বৈত নীতি গ্ৰহণ কৰিছে। যোগী আদিত্যনাথৰ মন্তব্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে এফালে ধৰ্মীয় বিভাজনৰ চেষ্টা কৰা হৈছে, আনফালে উত্তৰ প্ৰদেশত ৩ শতাধিক হিন্দু বাংলাদেশী পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ খবৰ প্ৰকাশ পাইছে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে বাংলাদেশী বিষয়টো বাস্তৱ সমস্যাতকৈ ৰাজনৈতিক স্বাৰ্থত অধিক ব্যৱহাৰ কৰা হৈছে।

এনআৰচিৰ তথ্য সম্পৰ্কে তেওঁ কয় যে এই তথ্যসমূহ প্ৰকাশ কৰিবলৈ চৰকাৰে আগ্ৰহ দেখুওৱা নাই, কিয়নো এইবোৰে চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতিৰ স্বৰূপ উন্মোচন কৰে।

পৰিসংখ্যা উল্লেখ কৰি তেওঁ কয় যে মনমোহন সিঙৰ নেতৃত্বত থকা ইউপিএ চৰকাৰৰ ১০ বছৰত মুঠ ৮৮,৯৯২ জন অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰা হৈছিল, আনহাতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ১১ বছৰত মাত্ৰ ৩,৯৩৯ জনক বহিষ্কাৰ কৰিছে। ইয়াৰ পৰা বিজেপি চৰকাৰে বাস্তৱ তথ্যৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰাতো স্পষ্ট হৈ পৰে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে ভয় আৰু বিভাজনৰ ৰাজনীতি বিজেপিৰ পুৰণি প্ৰৱণতা। ১৯৯৭ চনত তদানীন্তন গৃহমন্ত্ৰী ইন্দ্ৰকুমাৰ গুজৰালে দেশত বিপুল সংখ্যক অনুপ্ৰৱেশকাৰী থকা বুলি দাবী কৰিছিল আৰু পাছত বিভিন্ন প্ৰতিবেদনত এই সংখ্যা বৃদ্ধি কৰি দেখুওৱা হৈছিল। ২০০৩ চনত উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিয়ে ৰাজ্যসমূহক অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিছিল যদিও বৰ্তমান চৰকাৰে এই দায়িত্ব নিজৰ পৰা আঁতৰাই দিছে বুলি তেওঁ কয়।

শেষত মহিমা সিঙে মন্তব্য কৰে যে দেশৰ নাম যিয়েই নহওক—ভাৰত, হিন্দুস্থান বা ইণ্ডিয়া—দেশ এখনেই আৰু ইয়াৰ মানুহৰ মনো একে। অসমৰ ৰাইজে এইবাৰ ঘৃণা আৰু বিভাজনৰ ৰাজনীতি কৰি অহা চৰকাৰখন পৰিৱৰ্তন কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে কংগ্ৰেছে ৫টা গেৰাণ্টি দিছে আৰু ইস্তাহাৰত ১১টা সংকল্পৰ কথা কৈছে আৰু গৌৰৱ গগৈয়ে ঘোষণা কৰিছে যে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd