• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাণিকপুৰ-ভেলাখামাৰ গাওঁ পঞ্চায়তত অগপ-কংগ্ৰেছৰ ক্ষমতা দখলৰ যুঁজ

বদাহপুৰ জিলা পৰিষদত কংগ্ৰেছ,অগপ আৰু নিৰ্দলীয়ৰ মাজত সংখ্যালঘুৰ ভোট বিভাজনে সহায় কৰিব বিজেপিক

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 4, 2018 3:11 pm
IMG_20181204_130829 (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা জিলাৰ বিভিন্ন জিলা পৰিষদ তথা গাওঁ পঞ্চায়ত এলেকাত ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ মুঠ  ১৬ খন জিলা পৰিষদৰ অন্যতম ৭ নং বদাহপুৰ জিলা পৰিষদৰ আসন খন দখলৰ বাবেও আৰম্ভ হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা ৷ এইবেলি জিলা পৰিষদ খনত মুঠ চাৰি গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ তেওঁলোক হৈছে বিজেপিৰ ৰূপালী ৰাভা,অগপৰ মজৰুল ইছলাম,কংগ্ৰেছৰ ছিৰাজুল হক আৰু নিৰ্দলীয় ফাৰুক আহমেদ ৷

টুকুৰা- বৰমোহৰা, ফফংগা, মেছেলখোৱা, বদাহপুৰ তথা মানিকপুৰ-ভেলাখামাৰ গাওঁ পঞ্চায়তৰে গঠিত বদাহপুৰ জিলা পৰিষদৰ সদস্যৰ আসনখন দখল কৰিবলৈ ইতিমধ্যে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰণ-কৌশল যুগুত কৰিছে৷ প্ৰতি গৰাকী প্ৰাৰ্থীয়ে গাৱেঁ ভূঞে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সঘনাই অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ৷ প্ৰায় ৩৯ হেজাৰ ভোটাৰ থকা বদাহপুৰ জিলা পৰিষদৰ সদস্যৰ আসনখনত অগপ আৰু বিজেপিৰ প্ৰাৰ্থী দুগৰাকীৰ মাজতে মূল যুঁজখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

Apply Now

বিশেষকৈ অগপ,কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী কেইগৰাকী সংখ্যালঘু শ্ৰেণীৰ প্ৰাৰ্থী হোৱাৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু ভোট বিভাজনৰ সম্ভাৱনা প্ৰবল ৷ আনহাতে পৰিষদখনত ৰূপালী ৰাভা একমাত্ৰ মহিলা প্ৰাৰ্থী হোৱাৰ সুবাদতে তেওঁ মহিলা ভোটাৰ সকলৰ সমৰ্থন আদায় কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব ৷ অবশ্যে অগপৰ প্ৰবল গণভিত্তি থকা পৰিষদখন নিজৰ হাতলৈ অনাৰ বাবে জিলা অগপৰ শীৰ্ষ কাণ্ডাৰীসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে ৷

ইফালে ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে নিজ সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদখন নিজ দলৰ অধীনতে ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এয়া তেওঁৰ সন্মান ৰক্ষাৰ যুঁজ হিচাপে গ্ৰহণ কৰাত নিৰ্বাচনী প্ৰচাৰ কাৰ্য আকৰ্ষণীয় হৈ উঠিছে ৷

আনহাতে, পূৰ্বৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়েও নিজৰ সমৰ্থনত সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে ৬০ নং মাণিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ নিৰ্বাচনী যুঁজখনো ক্ৰমে আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে ৷ পঞ্চায়ত খনৰ অন্তৰ্গত ভোটাৰৰ ঘৰে ঘৰে গৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দ্দলীয় প্ৰাৰ্থী সকলে নিজৰ নিজৰ সমৰ্থনত প্ৰচাৰ চলাই গৈছে ৷ মুঠ ৫৪৩৯ গৰাকী ভোটাৰ থকা পঞ্চায়তখনত সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সকল হৈছে নাজিয়া হুছেইন (কংগ্ৰেছ),আঞ্জুৱাৰা বেগম(অগপ), আছমা বেগম( নিৰ্দ্দলীয়) আৰু জায়দা খাতুন(নিৰ্দ্দলীয়) ৷

পঞ্চায়ত খনত আটাই কেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্য জোৰদাৰ কৰি তুলিছে যদিও মূল যুঁজ খন অগপ আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব বুলি সচেতন মহলে মত ব্যক্ত কৰিছে ৷ আনহাতে মানিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে কংগ্ৰেছৰ খুশিদা আহমেদ আৰু অগপৰ হৈ তুহিন ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ উল্লেখ্য যে তুহিন ৰহমান আৰ্থিক ভাবে দুৰ্বল হোৱাত অগপ দলৰ কৰ্মকৰ্তা একাংশই নিজৰ পকেটৰ ধনেৰে পোষ্টাৰ , বেনাৰ আদি ছপাই প্ৰাৰ্থীগৰাকীক প্ৰচাৰ কাৰ্য চলোৱাত সহায় কৰা পৰিলক্ষিত হৈছে আৰু এই প্ৰচাৰকাৰ্যই পঞ্চায়তখনৰ সাধাৰণ ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd