• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিল্পী দিৱসৰ চৰকাৰী বিজ্ঞাপনত ভুলকৈ উপস্থাপন ৰূপকোঁৱৰৰ কবিতাক; তীব্ৰ প্ৰতিক্ৰিয়া

বিজ্ঞাপনত লাখ লাখ টকা খৰচ কৰা চৰকাৰে জ্যোতিৰ এটা বিখ্যাত কবিতাৰ এটা পংক্তি শুদ্ধকৈ লিখিব নোৱাৰিলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2019 10:40 am

2 min read

Shilpi Divas Ad

ৰূপকোঁৱৰৰ কবিতাক ভুলকৈ উপস্থাপন চৰকাৰী বিজ্ঞাপন।

2.2k
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ নমস্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো ৰাজ্যবাসীয়ে শিল্পী দিৱস হিচাপে উদযাপন কৰি তেওঁক স্মৰণ কৰা দিনটোতেই চৰকাৰে দিয়া শিল্পী দিৱসৰ বিজ্ঞাপনত ভুলকৈ উপস্থাপন জ্যোতিৰ কবিতাক। এই লৈ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে।

“শিল্পী দিৱসৰ এই পৱিত্ৰ দিনটোত মহান শিল্পজনলৈ অসম বাসীৰ হৈ শ্ৰদ্ধাঞ্জলি যাচিলো” বুলি মুখ্য মন্ত্ৰীৰ ফটোৰ সৈতে জনসংযোগে কাকতবোৰৰ প্ৰায় আধা পৃষ্ঠা ভৰাই প্ৰকাশ কৰা বিজ্ঞাপনটোত শিল্পীজনৰ এটা বিখ্যাত কবিতাৰ তিনি শাৰীৰ এটা পংক্তি তুলি দিয়া হৈছে। কিন্তু আচৰিত হ’ব লগীয়া কথাটো হ’ল এই এটা পংক্তিকে শুদ্ধকৈ দিব নোৱাৰিলে বিয়াগোম চৰকাৰী বিভাগটোৱে।

ৰূপকোঁৱৰৰ ‘বিশ্বশিল্পী’ শীৰ্ষক কবিতাটোত আছে,-

জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ
মই পিন্ধো বিশ্ববেশ
নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ।।

 

কিন্তু চৰকাৰী বিজ্ঞাপনটোত লিখিছে-

“জনতাৰ-হৃদয়ত মোৰ সোণোৱালী দেশ
এই পিন্ধো বিশ্ববেশ
নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিৰ্মেষ”

 

ইয়াত ‘মই পিন্ধো’ৰ ঠাইত ‘এই পিন্ধো’ কৰি কবিতাফাকিৰ ভাবাৰ্থ গুৰুতৰভাৱে বিকৃত কৰা হৈছে। ইয়াৰ উপৰি ‘জনতাৰ হৃদয়ত’ অপ্ৰয়োজনীয়ভাৱে সমাস চিন লগাই ‘জনতাৰ-হৃদয়ত’ কৰা হৈছে।

আনহাতে শেষৰ ‘অনিমেষ’ শব্দটোক কৰিছে ‘অনিৰ্মেষ’, যিটোৰ একো অৰ্থ নাই আৰু অভিধানত নথকা এটা শব্দ।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীৰ মুখৰ বাক্য হিচাপে যিকেইটা কথা দিয়া হৈছে, তাতো আছে ভুল। ‘অসমবাসীৰ হৈ’-ৰ ঠাইত লিখা হৈছে ‘অসমবাসীৰহৈ’।

মুঠতে তিনি শাৰীৰ এটা পংক্তি আৰু চাৰি শাৰীত জনোৱা মুখ্য মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি প্ৰকাশক বাক্যতে বাৰে পাচি ভুল দেখা গৈছে।

লাখ লাখ টকা খৰচ কৰি বিজ্ঞাপন দিয়া চৰকাৰখনে বা ইয়াৰ সংশ্লিষ্ট বিয়াগোম বিভাগটোৱে ৰাজ্যখনৰ মহান শিল্পী এজনৰ প্ৰতি দেখুওৱা এই নিষ্ঠাহীনতা আৰু শ্ৰদ্ধাহীনতাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd