• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 8:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ হালদ্বানীত কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ এখন সভাৰ পিছত অনুষ্ঠিত হোৱা বিতৰ্কিত ‘শুদ্ধিকৰণ’ কাৰ্যসূচীৰ তদন্ত বিচাৰি দাখিল কৰা আৱেদন খাৰিজ কৰিছে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে। ৰাজ্য চৰকাৰৰ মহাধিবক্তাই আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ আৰু উচিত তদন্ত কৰিব বুলি আশ্বাস প্ৰদান কৰাৰ পিছতেই ন্যায়ালয়ে এই ৰায়দান কৰে।

 

Apply Now

৭ ছেপ্টেম্বৰ, সোমবাৰে ন্যায়াধীশ সিদ্ধাৰ্থ শ্বাহ আৰু মনোজ কুমাৰ তিৱাৰীৰ বিচাৰপীঠে কয়, “যিহেতু মহাধিবক্তাই গোচৰটোৰ নিৰপেক্ষ তদন্তৰ আশ্বাস দিছে, সেয়েহে তেওঁৰ মন্তব্য অবিশ্বাস কৰাৰ কোনো কাৰণ আমি দেখা নাই। বৰ্তমান পৰ্যায়ত ন্যায়ালয়ৰ ফালৰ পৰা আন কোনো নিৰ্দেশনাৰ প্ৰয়োজন নাই।”

 

বৈজ নাথ নামৰ এগৰাকী দলিত সম্প্ৰদায়ৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত এই আৱেদন দাখিল কৰিছিল। তেওঁ ঘটনাটোৰ সময়সীমা নিৰ্ধাৰিত নিৰপেক্ষ তদন্ত, চিচিটিভি ফুটেজ সংৰক্ষণ আৰু খাৰ্গেৰ সভা তথা পৰৱৰ্তী ‘শুদ্ধিকৰণ’ যজ্ঞৰ সৈতে জড়িত নথিপত্ৰ সুৰক্ষিত কৰিবলৈ নিৰ্দেশ বিচাৰিছিল। লগতে, অস্পৃশ্যতাক অপৰাধ বুলি গণ্য কৰা নাগৰিক অধিকাৰ সুৰক্ষা আইন আৰু অনুসূচিত জাতি/জনজাতি (অত্যাচাৰ নিবাৰণ) আইনৰ অধীনত গোচৰ ৰুজু কৰাৰো দাবী জনাইছিল। উল্লেখযোগ্য যে মল্লিকাৰ্জুন খাৰ্গে ঐতিহাসিকভাৱে অস্পৃশ্যতাৰ বলি হৈ অহা দলিত সম্প্ৰদায়ৰ অন্তৰ্গত।

 

ৰাজ্যৰ মহাধিবক্তা এছ. এন. বাবুলকাৰে ন্যায়ালয়ক জনায় যে হালদ্বানী আৰক্ষীয়ে অমিত কুমাৰ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। আনহাতে, বেংগালুৰুতো এখন ‘জিৰ’ এফ আই আৰ’ ৰুজু কৰা হৈছে, যিখন অতি সোনকালেই হালদ্বানীলৈ হস্তান্তৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

 

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, হালদ্বানীত ৰুজু হোৱা গোচৰটোত ৰাহুল গান্ধীৰ নামো সাঙোৰ খাইছে। আনহাতে বেংগালুৰুত ৰুজু হোৱা জিৰ’ এফ আই আৰখনত উত্তৰাখণ্ড বিজেপিৰ সভাপতি মহেশ ভাটৰ নাম উল্লেখ আছে। অভিযোগ কৰা হৈছিল যে এগৰাকী দলিত নেতাই ভাষণ দিয়াৰ বাবে ঠাইখন ‘অশুদ্ধ’ হোৱা বুলি প্ৰচাৰ চলোৱা হৈছিল।

 

১৩ আগষ্টত ‘শ্ৰী ৰাম সেনা ধৰ্মাৰ্থ সেৱা ন্যাস’ নামৰ সংগঠনটোৰ সদস্যসকলে হালদ্বানীৰ সেই খেলপথাৰখনত এক ‘শুদ্ধিকৰণ’ যজ্ঞ পাতিছিল। সংগঠনটোৰ সভাপতিয়ে সংবাদ মাধ্যমৰ আগত যুক্তি দিছিল যে খাৰ্গেই হিন্দু সংগঠনসমূহক সাপৰ লগত তুলনা কৰি মুছলমানসকলক সেইবোৰ শেষ কৰিবলৈ আহ্বান জনাইছিল, যাৰ ফলত হিন্দুসকলৰ আৱেগত আঘাত লাগিছে আৰু সেইবাবেই তেওঁলোকে এই যজ্ঞ পাতিছে।

 

এই সমগ্ৰ ঘটনাক লৈ ৰাজনৈতিক মহল উত্তপ্ত হৈ পৰে। কেন্দ্ৰীয় মন্ত্ৰী জে. পি. নড্ডাই ইয়াক এক “অত্যন্ত দুখজনক ঘটনা” বুলি অভিহিত কৰে। অৱশ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি মহেশ ভাটে এই ঘটনাৰ লগত খাৰ্গেৰ জাতিগত পৰিচয়ৰ কোনো সম্পৰ্ক নুই কৰিছে। তেওঁলোকৰ মতে, খাৰ্গেৰ সভাত দিয়া “জিহাদী শ্লোগান”ৰ বাবেহে এই যজ্ঞ পতা হৈছিল।

 

ইফালে, কংগ্ৰেছ সাংসদ মাল্লু ৰবিয়ে জনোৱা মতে, দলটোৰ অনুসূচিত জাতি আৰু জনজাতিৰ সাংসদসকলে এটা সংসদীয় ফ’ৰাম গঠন কৰি মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব আৰু এই ‘শুদ্ধিকৰণ’ অনুষ্ঠানৰ বিৰুদ্ধে এখন স্মাৰকপত্ৰ প্ৰদান কৰিব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd