“এইবাৰ অখিলেশ চৰকাৰ, ৩০০ পাৰ”- বিজেপিক কাউণ্টাৰেৰে উত্তৰ প্ৰদেশত মমতা বেনাৰ্জীয়ে নতুন শ্ল’গান

Mamata Banerjee

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে ক্ৰমাৎ ৰাজনৈতিক কুচ-কাৱাজ বৃদ্ধি পাইছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ প্ৰধান বিৰোধী দল তথা এইবাৰ শাসনাধিষ্ঠ বিজেপিৰ সন্মুখত তুমুল প্ৰতিদ্বন্দীতাৰ সৃষ্টি কৰা সমাজবাদী পাৰ্টিৰ সমৰ্থনত ৰাজনৈতিক মঞ্চত নামি পৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

আজি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক কাষত লৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে মমতাই। উদ্দাত্ত কণ্ঠে মমতাই জনতাক উদ্দেশ্যি কয়, “যদি বেংগলে বিজেপিক পৰাস্ত কৰিব পাৰে, তেন্তে উত্তৰ প্ৰদেশেও পাৰে।”

“মোৰ বিশাল ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতা আছে। মই ক’ব পাৰোঁ যে উত্তৰ প্ৰদেশত ইখনৰ পিছত আন এখন যুঁজ আছে আৰু এই যুঁজ অখিলেশ জিকিব।”- মমতাই কয়।

লগতে পঢ়ক :মোদীক প্ৰত্যাক্ৰমণ প্ৰিয়ংকা গান্ধী, কেজৰিৱালৰ; নিশা যোগী-কেজৰিৱালৰ টুইটাৰ যুঁজ

বিজেপি আৰু ওৱেইচিৰ AIMIM ক দিল্লী আৰু হায়দৰাবাদৰ পৰা নিৰ্বাচনৰ সময়ত অহা কুলি আখ্যা দিয়ে আৰু উত্তৰ প্ৰদেশৰ জনসাধাৰণক নিৰ্বাচন শেষ হোৱাৰ পিছত নাইকিয়া হোৱা এনে কুলিক ভোট নিদিবলৈ আহ্বান জনায়।

যোৱা বৰ্ষত পশ্চিম বংগ নিৰ্বাচনত বিজেপিৰ বিশাল নিৰ্বাচনী যন্ত্ৰৰ সন্মুখীন প্ৰত্যাহ্বানৰ পিছতো বংগৰ ক্ষমতা দখল কৰা মমতা বেনাৰ্জীৰ সহযোগিতাই অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিৰ বাবে আশা কঢ়িয়াই আনিছে।

উল্লেখ্য যে মমতা বেনাৰ্জীয়ে উত্তৰ প্ৰদেশ নিৰ্বাচনত অখিলেশ যাদৱক প্ৰত্যক্ষভাৱে সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। লগতে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰাৰ পৰা আঁতৰি থাকিব বুলিও স্পষ্ট কৰি দিছিল।

বিজেপিক ভাৰতবৰ্ষৰ বাবে বিপদ আখ্যা দি মমতা বেনাৰ্জীয়ে কয় যে বিজেপি ক্ৰমাৎ বিপদসংকেত হৈ পৰিছে। জনসাধাৰণে নিজৰ ভৰিৰ ওপৰত থিয় হ’ব লাগিব আৰু বিজেপিক পৰাজিত কৰিব লাগিব বুলি মন্তব্য কৰে বেনাৰ্জীয়ে।

লগতে পঢ়ক : Crime in the City: মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ

আৰু যদি সেয়া নহয় যোগী আদিত্যনাথ পুনৰ শাসনলৈ আহি সকলোকে গ্ৰাস কৰিব বুলিও সোঁৱৰাই দিয়ে মমতাই। “যোগীয়ে খেলিমেলি সৃষ্টি কৰাৰ বাহিৰে একো কৰিব নোৱাৰে। সেয়ে তেওঁলোকক এইবাৰ যাবলৈ দিয়ক।” তেওঁ লগতে কয়।

আনহাতে বিজেপিৰ ‘এইবাৰ মোদী চৰকাৰ’ শীৰ্ষক শ্ল’গানেৰেই বিজেপিক কাউণ্টাৰ দি মমতা বেনাৰ্জীয়ে কয়, “এইবাৰ অখিলেশ চৰকাৰ, ৩০০ পাৰ।”

অখিলেশৰ বিজয়ৰ পিছত উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ একেলগ হৈ দেশৰ আন আন ৰাজ্যৰ আঞ্চলিক শক্তিৰ সহায়ত দিল্লীৰ ক্ষমতাৰ পৰা বিজেপিক ক্ষমতাচ্যুত কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মমতা বেনাৰ্জীয়ে।