DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বৰ বিৰুদ্ধে অভিযোগেৰে ক’লকাতাত ধৰ্ণা বংগৰ মুখ্য মন্ত্ৰী মমতাৰ

সুবীৰ ভৌমিক by সুবীৰ ভৌমিক
February 3, 2019 9:47 pm
mamata banerjee

মমতা বেনাৰ্জী। ছবি- টুইটাৰ।

3k
VIEWS
Share on FacebookShare on Twitter

সাৰধা কেলেংকাৰিৰ তদন্ত কৰিবলৈ ক’লকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বাসগৃহত প্ৰৱেশ কৰা চি বি আই বাহিনীৰ বিৰুদ্ধে দেওবাৰে ধৰ্ণা আৰম্ভ কৰি বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে লৈছে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম।

অসমৰ মন্ত্ৰীগৰাকী সাৰধা কেলেংকাৰিত জৰিত বুলি স্পষ্ট অভিযোগ তুলি চি বি আইৰ “সন্ত্ৰাস” বিয়পোৱাৰ চেষ্টা কৰা মোদী চৰকাৰৰ পৰা “সংবিধান ৰক্ষা”ৰ বাবে ধৰ্ণা আৰম্ভ কৰিছে অগ্নিকন্যাগৰাকীয়ে।

“বিজেপিত যোগ দিয়াৰ আগতে তেওঁ (হিমন্ত বিশ্ব শৰ্মা)ক এই গোচৰটোত জেৰা কৰা হৈছিল, কিন্তু এতিয়া তেওঁ বিনা শাস্তিৰে মুকলিকৈ ঘূৰি ফুৰিছে,” ২০১৯ৰ নিৰ্বাচনৰ আগমুহূৰ্তত মোদী-শ্বাহে সাৰধা গোচৰটোৰ ৰাজনীতিকৰণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি এই মন্তব্য বেনাৰ্জীৰ।

বিৰোধী নেত্ৰী থাকোতে বহুবাৰ ধৰ্ণাত বহা ঐতিহাসিক চহিদ মিনাৰৰ কাষৰ মেত্ৰ’ চিনে’মা হলৰ বিপৰীত দিশে মুখ্য মন্ত্ৰীগৰাকীয়ে ধৰ্ণা আৰম্ভ কৰিছে।

ক’লকাতা আৰক্ষীয়ে চি বি আই বাহিনীক আয়ুক্তগৰাকীৰ বাসগৃ্হত প্ৰৱেশত বাধা দিয়াৰ পিছতে কুমাৰৰ বাসস্থানত গৈ উপস্থিত হৈছিলগৈ মুখ্য মন্ত্ৰীগৰাকী।

বেনাৰ্জীয়ে লগতে অভিযোগ কৰে যে চি বি আই দলটোৰ কোনো “চাৰ্চ ৱৰেন্ট” নাছিল, কিন্তু চি বি আই সূত্ৰৰ মতে সাৰধা কেলেংকাৰি সন্দৰ্ভত প্ৰশ্ন এৰাই চলিছিল কুমাৰে আৰু তেওঁ সাৰধা গোচৰৰ বিশেষ তদন্তকাৰী গোটৰ মুৰব্বীৰূপে সাক্ষ্য-প্ৰমাণ নষ্ট কৰিব পাৰে।

মমতাই বংগৰ মাটিৰ পৰাই বিজেপিক ধ্বংস কৰাৰ অংগীকাৰ কৰিছে।

“বংগৰ পৰাই আৰম্ভ হ’ব তেওঁলোকৰ ধ্বংস। আমি মোদীক ভয় নকৰো, তেওঁৰ ধ্বংস ইতিমধ্যে আৰম্ভ হৈছে। এই মাহত গোটেই দেশৰ বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰি মই ইউনাইতে’দ ইণ্ডিয়া ৰে’লি আৰম্ভ কৰাৰ পৰাই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বংগত সন্ত্ৰাস বিয়পোৱাৰ বাবে নোহোৱা-নোপজা পৰ্য্যায়লৈ নামিছে,” বেনাৰ্জীয়ে কয়।

সমগ্ৰ বংগৰ জনসাধাৰণক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ তেওঁ আহ্বান জনাইছে।

ইফালে নিজৰ স্থিতিত অবিচল চি বি আই-এ কয় তেওঁলোক সৰ্বোচ্চ ন্যায়ালয় আৰু ৰাজ্যপালৰ কাষ চাপিব আৰু দৰকাৰ হ’লে ৰাজীৱ কুমাৰক জেৰাৰ বাবে কেন্দ্ৰীয় বাহিনী নিয়োগ কৰিব।

জানিব পৰা মতে চল্ট লে’কত থকা চি বি আই কাৰ্য্যালয়ৰ বিষয়াসকলৰ নিৰাপত্তাৰ বাবে ইতিমধ্যে হাজিৰ হৈছে চি আৰ পি এফ দল।

ক’লকাতাৰ শ্বেইকস্পিয়েৰ চৰনি আৰক্ষী থানাত আটক কৰি ৰখা চি বি আই দলটোক শনিবাৰে ৰাতিলৈ এৰি দিছে আৰক্ষীয়ে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd